ভাৰতীয় বক্সাৰ বিজেন্দৰ সিঙৰ আমেৰিকাত সফলতা

ভাৰতীয় বক্সাৰ বিজেন্দৰ সিঙৰ আমেৰিকাত সফলতা

ভাৰতীয় বক্সাৰ বিজেন্দৰ সিঙৰ সাফল্য ৷ পুনৰ বিজেন্দৰ সিঙে এবছৰৰ পিছত ৰিঙত ভৰি থৈয়ে শনিবাৰে চুপাৰ মিডিলৱেট চেম্পিয়ন মাইক স্নাইডৰক ন’ক আউট কৰে । এই প্ৰতিযোগিতা হৈছিল আমেৰিকাত । ইফালে ডব্লিউ বক্সিং অৰ্গেনাইজেশ্যন অৰ্থাৎ ডব্লিউবিঅ’ আৰু এছিয়া পেছিফিক চুপাৰ মিডিলৱেইট চেম্পিয়ন ৩৩ বছৰীয়া বিজেন্দৰ সিঙক এতিয়ালৈকে কোনেও পৰাজিত কৰিব পৰা নাই ৷

বিজেন্দৰ সিঙে নিজৰ প্ৰি বক্সিং কেৰিয়াৰত এতিয়ালৈকে ১১ খন খেল খেলিছে ৷ আৰু সকলোতে জয়ী লাভ কৰিছে । ইয়াৰে ৮ খন খেলত বিজেন্দৰ সিঙে নক আউটৰ জৰিয়তে জয়ী লাভ কৰিছে ৷নিজৰ জয়ৰ সন্দৰ্ভত বিজেন্দৰ সিঙে কয় যে তেওঁ নিজৰ বক্সিং কেৰিয়াৰত মনোনিবেশ কৰিব বিচাৰে ৷ আৰু অধিক আগবাঢ়ি যাব বিচাৰে।

জয়ী হোৱাৰ পিছত বিজেন্দৰ সিঙে কয় যে বহু বিৰতিৰ পিছত ৰিঙলৈ আহিছোঁ ৷ আমেৰিকাত জয়ী লাভ কৰাটো বহু আনন্দৰ কথা ৷ সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাত প্ৰথমবাৰৰ কাৰণে জয়ী হোৱাৰ কাৰণে বিজেন্দৰ সিঙে নিজকে সুখী বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে বিজেন্দৰ সিঙে ২০১৭ চনৰ ২৩ ডিচেম্বৰত জয়পুৰত নিজৰ জয় প্ৰাপ্ত কৰিছিল ৷ সেই খেলত বিজেন্দৰে আফ্ৰিকাৰ চেম্পিয়ন আনেষ্ট অমুজুক পৰাজিত কৰিছিল ৷ প্ৰি বক্সিঙত বিজেন্দৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৫ চনৰ ১০ অক্টোবৰত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com