মাথোঁ এবছৰত অসম আৰক্ষীৰ বিৰুদ্ধে ২৮৮টা ৰাজহুৱা অভিযোগ

মাথোঁ এবছৰত অসম আৰক্ষীৰ বিৰুদ্ধে ২৮৮টা ৰাজহুৱা অভিযোগ

মাথোঁ এবছৰত অসম আৰক্ষীৰ বিৰুদ্ধে ২৮৮টা ৰাজহুৱা অভিযোগ।

সাধাৰণ লোকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিতকৰণৰ দায়িত্বত থকা অসম আৰক্ষীৰ কাম-কাজক লৈ জনতাৰ মনত ক্ষোভ-অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ছবি স্পষ্টভাবে প্ৰতিফলিত হৈছে অসম ৰাজ্যিক দায়বদ্ধতা আয়োগৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত। অলপতে ৰাজ্য চৰকাৰক দাখিল কৰা দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০১৮ত অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মুঠ ২৮৮টা ৰাজহুৱা অভিযোগ দায়বদ্ধতা আয়োগে লাভ কৰে। এই অভিযোগসমূহৰ সৰ্বাধিক তথা ১৪৩টা অভিযোগ হৈছে আৰক্ষীয়ে অভিযোগ পোৱাৰ পাছতো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰা তথা দায়িত্বৰ প্ৰতি অৱহেলা প্ৰদৰ্শনৰ।২০১৮ বৰ্ষত অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত আন ১৪৫টা অভিযোগৰ মাজতো বহু গুৰুতৰ অভিযোগ আছে।এই ১৪৫টা অভিযোগৰ ৫৯ টা অভিযোগ হৈছে হাৰাশাস্তি, অত্যাচাৰ চলোৱা, ভাবুকি দিয়া তথা দুৰ্ব্যৱহাৰ কৰা। আন ৩১টা অভিযোগ হৈছে গোচৰ পঞ্জীয়ন নকৰা।আনহাতে, ১১টা অভিযোগ হৈছে আইনী প্ৰক্ৰিয়া মানি নচলাকৈ ব্যক্তিক গ্ৰেপ্তাৰ বা আটক কৰা আৰু নটা অভিযোগ হৈছে ব্লেকমেইলিং আৰু ধনদাবীৰ। তদুপৰি বলপূৰ্বকভাবে আৰক্ষীয়ে সম্পত্তিৰ মালিকীস্বত্বৰ পৰা বঞ্চিত কৰাক লৈ দুটা অভিযোগ দায়বদ্ধতা আয়োগে লাভ কৰে। আৰক্ষী দায়বদ্ধতা আয়োগৰ উক্ত প্ৰতিবেদনৰ আন এক তথ্য অনুসৰি আৰক্ষীৰ কাম-কাজক লৈ উত্থাপিত ৰাজহুৱা অভিযোগ ক্ৰমাত্ বৃদ্ধি পাবলৈ ধৰিছে।

২০১৮ত আয়োগে আৰক্ষীৰ বিৰুদ্ধে মুঠ ৪২৫টা ৰাজহুৱা অভিযোগ লাভ কৰে। ইয়াৰে ১৪৩টা অভিযোগ আয়োগে বৰ্ষটোৰ আৰম্ভণীতে লাভ কৰে। আন অভিযোগসমূহ বছৰটোৰ পৰৱৰ্তী সময়ত লাভ কৰে বুলি আয়োগে প্ৰতিবেদনত উল্লেখ কৰিছে।এই অভিয়োগসমূহৰ ১৩৭টা অভিযোগ আয়োগে পূৰ্বৰ বছৰসমূহত লাভ কৰে যদিও গোচৰ ৰুজু কৰা নাছিল। আনহাতে, ২০১৮ত আয়োগে আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মুঠ ২৮৮টা নতুন অভিযোগ লাভ কৰে। গতিকে ২০১৮ৰ সমগ্ৰ বছৰটোত আয়োগে ৰুজু কৰা মুঠ গোচৰৰ সংখ্যা ৫৬৮টা হয়গৈ। ইয়াৰে ৪২৩টা গোচৰ নিষ্পত্তি কৰা হয়। তত্সত্বেও ৩২৫টা গোচৰ নিষ্পত্তিবিহীনভাবে থাকে।

উল্লেখ্য যে অসম চৰকাৰে অসম আৰক্ষীক অধিক দায়বদ্ধ কৰাৰ মূল উদ্দেশ্য ২০০৭ত এজন অধ্যক্ষ আৰু আযোগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে বি কে কাকতীয়ে।আনহাতে, আয়োগে অসম আৰক্ষীক অধিক দায়বদ্ধ কৰাৰ উদ্দেশ্য ৰাজ্য চৰকাৰক আগবঢ়োৱা পৰামৰ্শাৱলী সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা ব্যৱ্স্থা সন্দৰ্ভত দায়বদ্ধতা আয়োগ অৱগত নহয়। ইয়াৰ বিষয়ে চৰকাৰে আয়োগক কোনাো তথ্য অৱগত কৰা নাই । এই আয়োগ গঠনৰ আন এক উদ্দেশ্য হল আৰক্ষীক ‘স্মাৰ্ট’ কৰা ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fans of Zubeen Garg prays for his early recovery in Gohpur, Watch here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com