প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া ইউনিফৰ্ম

প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে  বিনামূলীয়া ইউনিফৰ্ম

প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া ইউনিফৰ্ম। ৰাজ্যৰ প্ৰায় ৪০হেজাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীক একোটা শৈক্ষিক বৰ্ষত চাৰিযোৰকৈ বিনামূলীয়া ইউনিফৰ্ম প্ৰদান কৰা হ'ব ।‌ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত আৰম্ভ কৰা হৈছে এই প্ৰক্ৰিয়া। এইক্ষেত্ৰত আন এটা উল্লেখযোগ্য পদক্ষেপ হ'ল যে চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শনিবাৰৰ ইউনিফৰ্ম সপ্তাহটোৰ আন কেইটাদিনকৈ পৃথক হ'ব। ইতিমধ্যে সৰ্বশিক্ষা মিছন অভিযানে সংশ্লিষ্ট স্কুল পৰিচালনা সমিতিসমূহ আৰু স্কুল পৰিচালনা উন্নয়ন সমিতিসমূহক অহা ২০ মাৰ্চৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইউনিফৰ্ম সংগ্ৰহ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে

এই কথা সদৰী কৰি সৰ্বশিক্ষা মিছন অভিযানৰ এজন বিষযাই দা ছেন্টিনেলক কয় যে ২০১৮-১৯ত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগানৰ বাবে ২২৫ কোটি টকাৰ আৱণ্টন দিয়া হৈছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ বাবে সেই পুঁজি ব্যাঘাত জন্মেইয়াৰ পৰিপ্ৰেক্ষিতত ২০১৯ৰ শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগান ধৰা সম্ভৱ নহ বুলি বিষয়াজনে সদৰী কৰে অৱশ্যে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে ইউনিফৰ্ম যোগানত সন্মতি দিয়ে। ইয়াৰ সুবাদত পূৰ্বৰ ২২৫ কোটি টকাৰ সৈতে আন ২২৫ কোটি যোগ কৰি চলিত শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বশিক্ষা মিছনে ইউনিফৰ্ম ক্ৰয় কৰিবফলত চলিত শিক্ষাবৰ্যত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে এবাৰত চাৰিযোৰকৈ ইউনিফৰ্ম লাভ কৰিব।

সৰ্বশিক্ষা অভিযানৰ নতুন নীতি-নিৰ্দেশনা (গাইডলাইন)ত কোৱা হৈছে যে ইউনিফৰ্মৰ সংগ্ৰহ আৰু বিতৰণ কেৱল প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ বাবেহে কৰিব পৰা হইয়াত সামৰি লোৱা হৈছে চৰকাৰী /প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক

উক্ত গাইডলাইনত লগতে কোৱা হৈছে যে চলিত শিক্ষাবৰ্ষত প্ৰত্যোক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দুযোৰ ভাল গুণগত ইউনিফৰ্ম লাভ কৰিব । তদুপৰি সপ্তাহটোৰ পাঁচদিন পৰিধান কৰা ইউনিফৰ্ম শনিবাৰৰ বাবে নিৰ্দিষ্ট কৰা ইউনিফৰ্মৰ পৰা সুকীয়া হ'ব ।

এই বিশেষ পোচাক যোৰত ৰঙীন স্কাৰ্ট (ছাত্ৰীৰ বাবে) আৰু হাফ পেন্ট (ল'ৰাৰ বাবে)ছাত্ৰ-ছাত্ৰী উভয়ৰে শ্বাৰ্ট ৰঙীন হতদুপৰি বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই শ্বাৰ্ট , স্কাৰ্ট আৰু হাফ পেন্টৰ ৰং ঠাৱৰ কৰিব । এনে এযোৰ ইউনিফৰ্মৰ দাম হ'ব ৬০০ টকা নিৰ্ধাৰণ কৰা হৈছে

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com