ৰাজ্যৰ ৩.৬৪ লাখ হেক্টৰ ভূমি এতিয়াও বেদখলৰ কবলত : অৰ্থনৈতিক সমীক্ষা

ৰাজ্যৰ ৩.৬৪ লাখ হেক্টৰ ভূমি এতিয়াও বেদখলৰ কবলত : অৰ্থনৈতিক সমীক্ষা

ৰাজ্যৰ ৩.৬৪ লাখ হেক্টৰ ভূমি এতিয়াও বেদখলৰ কবলত : অৰ্থনৈতিক সমীক্ষা

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলৰ ৩.৬৪ লাখ হেক্টৰ ভূমি বৰ্তমানেও বেদখলৰ কবলত আছে। এই ভূমি বেদখল কৰি ৰাখিছে ২.০৫ লাখ লোকে অসমৰ অৰ্থনৈতিক সমীক্ষা ২০১৯-২০ত এই তথ্য প্ৰকাশ পাইছে।আগন্তক ২০২০-২১ৰ ৰাজ্যিক বাজেট দাখিলৰ এদিন পূৰ্বে বৃহস্পতিবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

এই আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি গোলাঘাট জিলাত সৰ্বাধিক ৮৭,০০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে, তাৰ পিছতেই শোণিতপুৰ জিলাত ৩৭,০০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে। একেদৰে পশ্চিম শোণিতপুৰত বেদখলকাৰীৰ কবলত আছে ৩২,০০০ হেক্টৰ ভূমি , পশ্চিম কামৰূপত আছে ২১,০০০ হেক্টৰ ভূমি আৰু যোৰহাটত বেদখলকাৰীৰৰ হাতত আছে ১৮,০০০ হেক্টৰ ভূমি।‌

সমীক্ষাটোৱে পোহৰলৈ আনিছে যে বিগত বিশ বছৰত ৰাজ্যত ২,৩৮৮ বৰ্গ কিলোমিটাৰ ভূমিত গছ-গছনিৰ ক্ষতিসাধন হৈছৈ। এয়া বন্যভূমি বেদখল, খেতিৰ স্থানান্তৰিত , দুখন ৰাজ্যৰ মাজত জৈৱ বৈচিত্ৰ্য হ্ৰাস আদিৰ ফলত হৈছে।

বন মন্ত্ৰী ল শূক্লবৈদ্যই বৃহস্পতিবাৰে সদনত জনায় যে ৰাজ্যত বালি আৰু শিলৰ কোনো ছিণ্ডিকেট নাই । কিন্তু তেওঁ কয় যে ৰাজ্যত শিল আৰু বালিৰ অবৈধ পৰিবহনৰ ঘটনা পোহৰলৈ আহিছে আৰু বিভাগে এই কাণ্ডৰ লগত জড়িত লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছেতেওঁ লগতে কয় যে বিগত তিনি বছৰত পৰিবেশ আৰু বন বিভাগে বনজ সম্পদৰ অবৈধ পৰিবহন আৰু কৰ ফাকিৰ বাবে ৪৪.৯৮ কোটি টকাৰ জৰিমণা আদায় কৰিছে।

আনহাতে, মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত চাৰি বছৰত শিল, বালি আদিৰ অবৈধ পৰিবহনৰ বিৰুদ্ধে ৮,৫০০ টা গোচৰ ৰুজু হৈছে। ঠিক এনেদৰে বনজ সম্পদ ধ্বংসৰ বিৰূদ্ধে প্ৰায় ৮০০ টা গোচৰ ৰুজু হৈছেএই গোচৰসমূহত ৪০০ জন লোকক আটক কৰা হৈছিল।

ইপিনে, বিধায়কৰ এটি দলে বৃহস্পতিবাৰে বিধানসভাত ক্ষোভ প্ৰকাশ কৰে যে বেদখলকাৰীৰ পৰা বনাঞ্চল মুক্ত কৰাৰ ক্ষেত্ৰত বন বিভাগৰ কাম-কাজ হতাশাজনক। তেওঁলোকে কয় যে বন বিভাগৰ নিষ্ক্ৰীয়তাৰ সুযোগ লৈ উচ্ছেদৰ কিছুদিন পাছতে বেদখলকাৰীসকলে আকৌ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰে। কিয়নো বিভাগে বেদখলকাৰীৰ পৰা মুক্ত কৰা বনভূমিৰ সংৰক্ষণ তথা নিৰীক্ষণত ৰখাৰ কোনো ব্যৱস্থা নকৰে বুলি এই বিধায়সকলে অভিযোগ কৰে

ভিডিঅ প্ৰতক্ষ্য কৰক: Ex-AAGSU president Prem Tamang joins BJP

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com