ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে: ৩ মৃত্যু, ২ লাখ লোক বানৰ কৱলত

ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে: ৩ মৃত্যু, ২ লাখ লোক বানৰ কৱলত

ৰাজ্যত প্ৰলয়ংকাৰী বানপানীয়ে কালৰূপ ধাৰণ কৰিছে । ২৪ ঘন্টাৰ ভিতৰত বানপানী আৰু ভূমিস্খলনৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে । আনহাতে প্ৰায় ২ লাখ লোক বৰ্তমানেও বানৰ কৱলত ।

মৃত্যু হোৱা লোককেইজন ভিতৰত এজন গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ , আন এজন ধেমাজি ৰাজহ চক্ৰৰ আৰু এজন কামৰূপৰ দিছপুৰ ৰাজহ চক্ৰৰ অধিন অঞ্চলত ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ।

ৰাজ্যত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২১.০৩ কোটি সাহাৰ্য্যৰ অৰ্থে এচ ডি আৰ এফক মুকলি কৰি দিছে । ৪.৫০ কোটি আনুতোষিক সাহাৰ্য্যৰ বাবে মুকলি কৰিব । মাজুলী জিলাত সৰ্বাধিক সাহাৰ্য্য প্ৰদান কৰা হৈছে । মাজুলীক ৩.৫০ কোটি মুকলি কৰা হৈছে । তাৰ পাছতে মৰিগাঁওত ২.৬০ কোটি সাহাৰ্য্য প্ৰদান কৰা হৈছে ।

আগন্তুক ৪ দিনত অসম, অৰুনাচল প্ৰদেশ , মনিপুৰ , মিজোৰাম আৰু নাগালেণ্ডত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কতৃপক্ষয়ে প্ৰকাশ কৰিছে যে, ধেমাজি, লক্ষিমপুৰ, বিশ্বনাথ, দৰং, বৰপেটা, নলবাৰী, চিৰাং , মাজুলী, গোলাঘাট , যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ ৫৩০ গাঁও বানপানীৰ কবলত পৰিছে । ২ লাখ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্থ হৈছে । ধেমাজি আৰু লক্ষিমপুৰত অধিক ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত ।

ৰঙানদী জলবিদ্যু প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছে লক্ষিমপুৰ জিলাৰ প্ৰায় ৫০ খন গাঁও । ব্ৰক্ষপুত্ৰ , দিখৌ, ধনশিৰি , জীয়া ভৰলু, পুথিমাৰি আৰু বেকি নদীৰ জলপৃষ্ঠ ওফন্দি বিপদ সীমাৰ ওপৰৰে বৈ গৈছে । বানপানীৰ ফলত ১৩,২৭৬ হেক্টৰ শষ্য নষ্ট হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com