যোৰহাট সমষ্টিত অপৰিবৰ্তিত বান পৰিস্থিতি : ৬,০০০ লোক পানীৰ তলত

যোৰহাট সমষ্টিত অপৰিবৰ্তিত বান পৰিস্থিতি : ৬,০০০ লোক পানীৰ তলত

যোৰাহাট জিলাত বৰ্তমানেও অপৰিবৰ্তিত বান পৰিস্থিতি। যোৰহাটৰ পশ্চিম ৰাজহ চক্ৰৰ অধিনৰ হলমৰা, টিয়ক আৰু তিতাবৰ ৰাজহ চক্ৰৰ অঞ্চলত অধিক ক্ষতিগ্ৰস্থ হৈছে ।

পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ মুঠ ২০ খন গাঁৱৰ প্ৰায় ৬,০০০ লোক পানীৰ তলত । ২২ মেত, ভোগদৈ পাৰৰ বহু অংশ ভাঙি যায় । এই অংশয়েদি ভোগদৈ পানীৰে শষ্য পথাৰত জলমগ্ন কৰি তোলে । ক্ষতিগ্ৰস্থ লোকে জল সম্পদ বিভাগ , অসম চৰকাৰৰ অবহেলা আৰু নিম্ন মানদণ্ড কামৰ বাবে এই পৰিষ্ঠিতি সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ।

পূৰ্বতেও ভঙা অংশয়েদি পানী সোমোই এক ডেৰ মাহ পানীৰন তলত থাকে হলমৰা অঞ্চল । বৰ্তমানেও বহুতো ঘৰ পানীৰ তলত, মালাও -হলমৰা পথটো পানীৰ তলত । বানাক্ৰান্ত সকলে উপযুক্ত সাহাৰ্য্য পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে । বানপানীয়ে বহুতো খেতি পথাৰ নষ্ট কৰিছে। বুধবাৰৰ পৰা ভেটেনেৰী আৰু মেডিকেল বিভাগে বানাক্ৰান্ত সকলৰ বাবে কেম্প স্থাপন কৰি লোক সকলক ঔষধ বিতৰণৰ ব্যৱস্থা কৰিছে ।

আনহাতে, নীপকোৱে এৰি দিয়া পানীয়ে বিধ্বস্ত কৰিছে উত্তৰ লক্ষীমপুৰ আৰু নাওবৈচা ৰাজহ চক্ৰৰ জনজীৱন ৷ অৰুণাচল প্ৰদেশৰ য়াজালীস্থিত ৰঙানদী হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টে এৰি দিয়া অতিৰিক্ত পানীয়ে বহু লোকক গৃহ হীন কৰিছে ৷ পানীয়ে বৰবিল,২ নং গোবৰীশালী,৯/৬ কলিয়ামাৰী,আমতলা পিজিআৰ,কন্দু মিৰি,১ নং ডিজু চাপৰি, ২ নং ডিজু পথাৰ,কোলাবিল ব্ল’ক,উজানী খামতি,নাওবৈছা আদি ঠাই বানে বিধ্বস্ত কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com