Begin typing your search above and press return to search.

নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীত বিধ্বস্ত লক্ষীমপুৰ

নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীত বিধ্বস্ত লক্ষীমপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 9:46 AM GMT

নীপকোৱে এৰি দিয়া পানীয়ে বিধ্বস্ত কৰিছে উত্তৰ লক্ষীমপুৰ আৰু নাওবৈচা ৰাজহ চক্ৰৰ জনজীৱন ৷ অৰুণাচল প্ৰদেশৰ য়াজালীস্থিত ৰঙানদী হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টে এৰি দিয়া অতিৰিক্ত পানীয়ে বহু লোকক গৃহ হীন কৰিছে ৷ পানীয়ে বৰবিল,২ নং গোবৰীশালী,৯/৬ কলিয়ামাৰী,আমতলা পিজিআৰ,কন্দু মিৰি,১ নং ডিজু চাপৰি, ২ নং ডিজু পথাৰ,কোলাবিল ব্ল’ক,উজানী খামতি,নাওবৈছা আদি ঠাই বানে বিধ্বস্ত কৰিছে ৷

ডিজু চাপৰিত বানত সৰ্বস্ব হেৰুৱাই ঘৰৰ মূধচত আশ্ৰয় লোৱাৰ বিপৰীতে কিছু সংখ্যক লোকে গছত আশ্ৰয় লৈছে ৷ অৱশ্যে পিছত স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁলোকক উদ্ধাৰ কৰা হয় , যদিও জিলা প্ৰশাসনে এতিয়ালৈকে কোনো আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা নাই। দ্বিতীয়তে ৰঙা নদী বান্ধৰ পৰা খুলি দিয়া পানীয়ে দুখনকৈ বাঁহৰ দলঙ উটুৱাই নিয়ে।

ইয়াৰে এখন নাওবৈচা আৰু অন্যখন উত্তৰ লক্ষীমপুৰৰ আমতলাত অৱস্থিত ৷ দুয়োখন দলং পানী উটুৱাই নিয়াৰ কাৰণে বহু লোকৰ যাতায়তৰ অসুবিধাৰ সন্মুখীন হৈছে ৷ কাৰণ এই দুখন দলং তেওঁলোকৰ যাতায়তৰ একমাত্ৰ পন্থা আছিল ৷অন্যহাতে ৰঙানদী হাইড্ৰ’ইলেক্ট্ৰিক প্ৰজেক্টে প্ৰথমতে ৰঙানদী বান্ধৰ ৪ নং ৰেডিয়েল গেটেৰে সোমবাৰে অতিৰিক্ত পানী ১.৪৫ বজাত ২০০ মিলিমিটাৰ পানী এৰি দিয়ে ৷ ইয়াৰ পিছত বিয়লি ৩.০০ বজাত ৩০০০ মিমী,৭.১৫ বজাত ২,৮০০ মিমী,৯.৩০ বজাত ২৫০০ মিমী,১০ বজাত ২৩০০ মিমী,১১ বজাত ২০০০ মিমী আৰু ১১.৩০ বজাত ১৭০০ মিমী পানী এৰি দিয়ে ৷

মংগলবাৰে ৰঙানদী হাইড্ৰ’ইলেক্টিক প্ৰজেক্টে পুৱা ৪.৩০ বজাত ২৫০০মিমী,৫.৩০ বজাত ৩০০০ মিমী,১০.২০ বজাত ২৮০০ মিমী,১২ বজাত ২৫০০ মিমী,১.১৫ বজাত ২২০০ মিমী,৫ বজাত ২৪০০ মিমী আৰু ৬ বজাত ২৬০০ মিমী পানী এৰি দিয়ে ৷জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি বানে বৰ্তমান জিলাখনত ৩৩৪ হেক্টৰ খেতি পথাৰ নষ্ট কৰিছে ৷লগতে ১০,১৬৪ জন লোক,১৮৬৮ টা ডাঙৰ জন্তু,১৭২১ সৰু জন্তু আৰু ২৫২৮ টা মূৰ্গীক বানে প্ৰভাৱিত কৰে ।উল্লেখ্য যে জিলাখনত বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

অন্য খবৰৰ বাবে পঢ়ক: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী

Next Story
চাকৰি