ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: প্ৰায় ৩ লাখ লোকে কৰা নাই দাবী

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: প্ৰায় ৩ লাখ লোকে কৰা নাই দাবী

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৩.৮৭ লাখ লোকৰ অস্তিত্ব নিশ্চিত কৰিবৰ কাৰণে এক তদন্ত আৰম্ভ কৰিব৷ যিসকলে অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ কাৰণে দাবী উত্থাপন কৰা নাই। ইফালে ৰাজ্যত অন্তিম নাগৰিক পঞ্জী প্ৰকাশ পাব চলিত বৰ্ষৰ ৩১ আগষ্টত ৷গৃহ আৰু ৰাজনীতি বিভাগৰ দ্বাৰা সকলো ৩.৮৭ এন আৰ চি আবেদকৰ অস্তিত্ব নিশ্চত কৰাৰ প্ৰক্ৰিয়া বিভিন্ন জিলাত আৰক্ষী বিষয়াসকলৰ তদন্তই আগবঢ়াব পৰা নাই ।

উল্লেখ্য যে , জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম সূচী প্ৰকাশ পাব চলিত বৰ্ষৰ ৩১ আগষ্ট’ত ৷সেয়েহে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এন আৰ চি নাম অন্তৰ্ভূতি নোহোৱা লোকসকল আৰু যিসকল লোকক আইনী সহায়তাৰ প্ৰয়োজন হ’ব সেই লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াব ৷

ইফালে এন আৰ চি প্ৰকাশৰ প্ৰাক মূহুৰ্তত ৰাজ্যখনত আইন কানুন সম্পৰ্কীয় দিশক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলো পৰিস্থিতিৰ সন্দৰ্ভত যাৱতীয় তথ্য দি আছে যিসমূহ তথ্য এন আৰ চি প্ৰকাশৰ পিছত আৱশ্যক হ’ব পাৰে ।

ৰাজ্য চৰকাৰে শুক্ৰবাৰে এন আৰ চি সন্দৰ্ভত আলোচনা কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকসকলৰ লগত এখন তৎকালীন বৈঠক অনুষ্ঠিত কৰিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই বৈঠকখনত উপস্থিত থাকিব । জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কেৱল অসমতেই চলি আছে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ অন্তৰ্গত হৈ আছে এন আৰ চিৰ কাম। আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰাসকলে যাতে অন্তৰ্ভূক্তিৰ বাবে আবেদন জনোৱাৰ কাৰণে যাৱতীয় সময় লাভ কৰে,তাৰ কাৰণে নাগৰিকত্ব বিধি সংশোধন কৰি আৱেদনৰ সময় ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে ।

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:CRPF seized 10 kg of Ganja in Sivasagar | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com