Begin typing your search above and press return to search.

চাঞ্চ্যলকৰ : এটি সদ্যজাত শিশুৰ পিতৃ হোৱাৰ দাবী তিনি জন ব্যক্তিৰ

চাঞ্চ্যলকৰ : এটি সদ্যজাত শিশুৰ পিতৃ হোৱাৰ দাবী তিনি জন ব্যক্তিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 10:57 AM GMT

কলকাতাত এক চাঞ্চ্যলৰ ঘটনা সংঘটিত হৈছে। এটি সদ্যজাত শিশুৰ পিতৃ হোৱাৰ দাবী কৰিছে তিনি জন ব্যক্তিয়ে । দেওবাৰে কলকাতাৰ চিকিৎসালয়ত জন্ম হোৱা এটি শিশুৰ পিতৃ হোৱাৰ দাবী এজন নহয় , দুজনো নহয় , তিনি জনৰ ।

এই চাঞ্চ্যলৰ নাটক খন আৰম্ভ হয় কলকাতাৰ চিকিৎসালয়ত। যেতিয়া ২১ বছৰীয়া এগৰাকী মহিলাক IRIS হস্পিতাল শনিবাৰে ভৰ্তি কৰোৱাৰ পাছত। মহিলা গৰাকীক তেওঁৰ মাতৃ আৰু এজন ব্যক্তিয়ে লগত লৈ আহিছিল ।

মহিলা গৰাকীৰ স্বামী বুলি দাবী কৰা ব্যক্তিজনে মহিলা গৰাকীৰ হস্পিতালৰ সকলো আনুষ্ঠানিক সম্পূৰ্ণ কৰে। মহিলা গৰাকীক ভৰ্তি কৰোৱাৰ পাছত আন এজন ব্যক্তি আহি জন্ম হোৱা সদ্যজাত শিশুটো পিতৃ আৰু স্বামী বুলি দাবী কৰে ।

তাৰ পাছতে চিকিৎসালয়ৰ কতৃপক্ষয়ে দ্বিতীয় ব্যক্তি জনক কয় যে, মহিলা গৰাকীৰ আন এজন স্বামীয়ে ইতিমধ্যে আনুস্থানিকতা সম্পূৰ্ণ কৰিছিল।

তাৰ পাছতে চিকিৎসালয়তে দাবীদাৰ দুজন স্বামীৰ কাজিয়া আৰম্ভ হয় ।

তাৰ পাছতে চিকিৎসালয়ৰ কতৃপক্ষয়ে ব্যক্তি দুজনক বাহিৰ কৰি দিবলৈ আৰক্ষীক খবৰ দিয়ে । তাৰ পাছতে মহিলা গৰাকীৰ পৰিয়ালৰ লোকক হস্পিতালত সোমাবলৈ বাধা আৰোপ কৰে ।

আৰক্ষীয়ে বিয়াৰ প্ৰমাণ খোজাত দ্বিতীয় ব্যক্তি জনে বিয়াৰ প্ৰমাণ পত্ৰ লৈ আহে। আৰু প্ৰথম ব্যক্তি জনে বন্ধু বুলি স্বীকাৰ কৰে। কিন্তু বিয়াৰ প্ৰমাণ পত্ৰৰে সমস্যা সমাধান নহল । তাৰ পাছতে বিয়াৰ প্ৰমাণ পত্ৰ দেখুৱা ব্যক্তিজনক নিজৰ জোঁৱাই নহয় বুলি মহিলা গৰাকীৰ মাতৃয়ে প্ৰকাশ কৰে ।

পুনৰ বিবুদ্ধিত পৰিল আৰক্ষী। কাৰণ পুনৰ আবিৰ্ভাৱ হল তৃতীয় জন ব্যক্তিৰ। তৃতীয় জন ব্যক্তিয়ে প্ৰকাশ কৰিলে যে, তেওঁ যুবতী গৰাকীৰ স্বামী নহয় কিন্তু সদ্যজাত শিশুটিৰ পিতৃ তেওঁ ।সদ্যজাত শিশুৰ পিতৃ হোৱাৰ দাবী কৰিছে তিনি জন ব্যক্তিয়ে । দেওবাৰে কলকাতাৰ চিকিৎসালয়ত জন্ম হোৱা এটি শিশুৰ পিতৃ হোৱাৰ দাবী এজন নহয় , দুজনো নহয় , তিনি জনৰ ।

আৰক্ষীয়ে কোনো সমাধান উলিয়াব নোৱাৰাত মহিলা গৰাকীক সুধিলে সকলো গম পোৱা যাব বুলি প্ৰকাশ কৰে । হস্পিতালত এই নাটক খন ৰাতি এপৰলৈকে চলে ।

তাৰ পাছত মহিলা গৰাকীয়ে অতি সহজ ভাৱে আৰক্ষীক জনাই যে, দ্বিতীয় জন , যাৰ লগত বিয়াৰ প্ৰমাণ পত্ৰ আছে তেওঁ স্বামী আৰু সদ্যজাত শিশুটিৰ পিতৃ বুলি স্বীকাৰ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: চোৰে চুৰ কৰিলে সকলো কিন্তু এৰি থৈ গ’ল নিজৰ আধাৰ কাৰ্ড

Next Story
চাকৰি