Begin typing your search above and press return to search.

জঘন্য ঘটনা: ৩ বছৰীয়া শিশুক ধৰ্ষন কৰি শিৰচ্ছেদ পাষণ্ডৰ

জঘন্য ঘটনা: ৩ বছৰীয়া শিশুক ধৰ্ষন কৰি শিৰচ্ছেদ পাষণ্ডৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2019 12:24 PM GMT

জঘন্য, পাশৱিক , শিহৰনকাৰী ঘটনা। মানুহ ৰূপী দানৱে সংঘটিত কৰিছে এক জঘন্য ঘটনা। এটি ৩ বছৰীয়া শিশুক ধৰ্ষন কৰি , চিঞৰি থকাৰ বাবেই শিৰচ্ছেদ কৰে শিশুটিক ।

এই জঘন্য ঘটনা সংঘটিত হৈছে জামচেদপুৰত । ২৫ জুলাইত তাতানগৰ ৰেল ষ্টেচনৰ পৰা এই তিনি বছৰৰ শিশুটিক অপহৰণ কৰিছিল পাষণ্ড কেইটাই । প্লেটফৰ্মত মাকৰ লগত শুই থকা অৱস্থাৰ পৰা শিশুটিক উঠাই লৈ গৈছিল । মাতৃয়ে ২৬ জুলাইত তাতানগৰ জি আৰ পিত নিৰুদ্দেশৰ গোচৰ দাখিল কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে এই পাশৱিক ঘটনাৰ লগত জড়িত ২ জনক আটক কৰিছে । প্লেটফৰ্মৰ চিচিটিভি কেমেৰা পৰা ভিজুৱেল সংগ্ৰহ কৰি আৰক্ষী এই দুটা লম্পদক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষী বুধবাৰে অভিযুক্ত ৰিংকু চাহক আটক কৰিছে। তেলক' আৰক্ষী থানাৰ ৰামদিন বাগানৰ নিবাসী আছিল লম্পদটো । ২৫ জুলাইৰ নিশা ১১.৩০ তাতানগৰ ষ্টেচনৰ পৰা শিশুটি লৈ গৈছিল লোকজনে। তাৰ পিছত শিশুটিক ISWP কোম্পানীৰ ফেব্ৰিকেচন য়াৰ্ডলৈ লৈ গৈছিল । ষ্টেচনৰ পৰা ৪ কিলোমিটাৰ নিলগত। তাৰ পাছত ৰিংকু চাহে লগ দিবলৈ কৈলাস কুমাৰক মাতি পঠিয়াই ।

শিশুটি ধৰ্ষণ কৰাৰ পিছত চিঞৰ বন্ধ কৰিবলৈ চোকা অস্ত্ৰৰে চাহে শিশু শিৰচ্ছেদ কৰে। ২৬ জুলাইৰ পুৱতি নিশা চাহে শিশুটিৰ মৃতদেহ বেগত ভৰাই ISWP সীমা বেৰৰ কাষত পেলাই দিয়ে।২৫ জুলাইত তাতানগৰ ৰেল ষ্টেচনৰ পৰা এই তিনি বছৰৰ শিশুটিক অপহৰণ কৰিছিল পাষণ্ড কেইটাই । প্লেটফৰ্মত মাকৰ লগত শুই থকা অৱস্থাৰ পৰা শিশুটিক উঠাই লৈ গৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : সমগ্ৰ দেশতে ১.৫ লাখ শিশু ধৰ্ষণৰ গোচৰ অমীমাংসিত

Next Story
চাকৰি