ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ অতিক্ৰম ৩০ দিন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ অতিক্ৰম ৩০ দিন

চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। কিন্তু এতিয়া কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ বিৱৰণ নাই। ইফালে এনআৰচিত অস্বীকৃতি ব্যক্তিসকলেও এতিয়াও কোনো ধৰণৰ আদেশ পোৱা নাই ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সুত্ৰৰ তথ্য অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰিছে।

লগতে এনআৰচিৰ বিষয়ে সবিশেষ জানিবলৈ আৰু অস্বীকৃত লোকসকলৰ সন্দৰ্ভত জানিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ ইংগিত পোৱা নাই। ইফালে চুড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ পিছত গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব আশুতোষ অগ্নিহোত্ৰীয়ে কয় যে এতিয়াও এনআৰচিৰ কাৰণে লোকসকলৰ মাজত ভয়ৰ সঞ্চাৰ হৈ আছে।

গতিকে জনসাধাৰণৰ এই চিন্তা দূৰ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ।এনআৰচি প্ৰকাশ পিছত ৰাজ্য চৰকাৰৰ দায়িত্ব আছে ৷সেয়েহে আদি ৰাজ্যৰ সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছিলো। আমি এনআৰচিত অস্বীকৃত হোৱা লোকসকল কেতিয়া অস্বীকৃতি পত্ৰ কেতিয়া প্ৰদান কৰিব সেয়াও জানিব বিচাৰিছিলো ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women’s College

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com