মেঘালয়ৰ IAS বিষয়াৰ ব্যতিক্ৰমী ৰূপ , পিঠিত ২১ কেজি শাক পাচলি লৈ খোজ কাঢ়িলে ১০ কিলোমিটাৰ

মেঘালয়ৰ IAS বিষয়াৰ ব্যতিক্ৰমী ৰূপ , পিঠিত ২১ কেজি শাক পাচলি লৈ খোজ কাঢ়িলে ১০ কিলোমিটাৰ

মেঘালয়ৰ আই এ এছ ( Indian administrative service , IAS ) বিষয়াৰ ব্যতিক্ৰমী ৰূপ , পিঠিত ২১ কেজি শাক পাচলি লৈ খোজ কাঢ়িলে ১০ কিলোমিটাৰ । মেঘালয়ৰ এজন আই এ এছ বিষয়া , যিয়ে মানুহক স্বচ্ছ আৰু সজীৱ জীৱন কটাবলৈ অনুপ্ৰেৰণা জগাইছে । মেঘালয়ৰ আই এ এছ বিষয়া জনে প্ৰতি সপ্তাহে ১০ কিলোমিটাৰ খোজ কাঢ়ি সজীৱ শাক পাচলি ক্ৰয় কৰে । এই কথা প্ৰকাশ পোৱা পিছতেই ছোচিয়েল মিডিয়াত ভূয়সী প্ৰশংসাৰে উপচায় পেলাইছে মেঘালয়ৰ ব্যতিক্ৰমী আই এ এছ বিষয়া গৰাকীক ।

এই ব্যতিক্ৰমী আই এ এছ বিষয়া গৰাকী হ'ল পশ্চিম গাৰো পাহাৰৰ জিলা উপায়ুক্ত ৰাম সিংহ।ভাৰতীয় প্ৰশাসনিক সেৱাৰ অধিকাৰী পশ্চিম গাৰো পাহাৰৰ জিলা উপায়ুক্ত ৰাম সিংহই এই কাৰ্যৰ জৰিয়তে স্হানীয় কৃষক সকলক সহায় কৰিব বিচাৰে ।

তাৰোপৰি ৰাম সিংহই নিজৰ ক্ৰয় কৰা বস্তুবোৰৰ বাবে প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰাৰ লগতে স্হানীয় লোকে নিৰ্মাণ কৰা বাহৰ কোকচেঙ ব্যৱহাৰ কৰিছে ।

https://www.instagram.com/p/B2qOIE_hgr7/

তাৰোপৰি আই এ এছ বিষয়া গৰাকীয়ে এই সম্পৰ্কে তেওঁৰ ফেচবুক আৰু ইন্চটাগ্ৰামৰ জৰিয়তে ও পোষ্ট কৰে ।আই এ এছ বিষয়া গৰাকীয়ে ১০ কিলোমিটাৰ অকলে খোজ কঢ়া নাই । তেওঁৰ এই কাৰ্যত সহায় কৰিছে পিঠিত সন্তান লৈ তেওঁৰ পত্নীয়ে । তাৰোপৰি আই এছ বিষয়া গৰাকীয়ে স্হানীয় ৱেবছাইটতৰ যোগেদি কয় যে, বহুতেই শাক পাচলি লৈ খোজ কাঢ়াতো কঠিন বুলি কয় ।

তাৰ বিপৰীতে আই এ এছ বিষয়া গৰাকীয়ে তেওঁলোকক " কোকচেঙ " ( বাঁহেৰে তৈয়াৰ কৰা ) ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে যিয়ে প্লাষ্টিকৰ বিৰোধিতা কৰাৰ লগতে তেওঁলোকৰ বাবে সহায়দায়ক ও হ'ব । লগতে বহু ক্ষেত্ৰত আই এ এছ বিষয়া গৰাকীয়ে ও স্হানীয় বাঁহেৰে তৈয়াৰ কৰা কোকচেঙ ব্যৱহাৰ কৰাটো সহায় হৈছিল বুলি কয় ৱেবছাইটৰ জৰিয়তে ।

ৰাম সিংহ নামৰ আই এ এছ বিষয়া গৰাকীৰ ছোচিয়েল মিডিয়াত তেওঁ তেওঁৰ ভ্ৰমণ আৰু জিলা খনৰ বিভিন্ন ঠাইৰ ছবিও পোষ্ট কৰিছে । আই এ এছ বিষয়া গৰাকী হিমাচল প্ৰদেশৰ পৰা আহিছে যিয়ে ২০১৭ চনৰ ১ ডিচেম্বৰ তাৰিখৰ পৰা পশ্চিম গাৰো পাহাৰত জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Cleanliness Drive by Lumding Police under ‘Swachh Bharat Abhiyan Week’

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com