২০১৮ চনত ৩৪৬ টা বন্যপ্ৰাণী গোচৰ ৰুজু আৰু ২১ টা বাঘৰ চিকাৰ

২০১৮ চনত ৩৪৬ টা বন্যপ্ৰাণী গোচৰ ৰুজু আৰু ২১ টা বাঘৰ চিকাৰ

২০১৮ চনত ৩৪৬ টা বন্যপ্ৰাণী গোচৰ ৰুজু আৰু ২১ টা বাঘৰ চিকাৰ। ভাৰতীয় অধিকাৰীয়ে জনোৱা অনুসৰি ২০১৮ চনত বন্যপ্ৰাণী অপৰাধৰ ৩৪৬ টা গোচৰ ৰুজু হৈছে , য'ত অবৈধ চিকাৰৰ ফলত ৬ টা হাতীৰ মৃত্যু হৈছে আৰু ২১ টা বাঘ চিকাৰৰ ঘটনাও অন্তৰ্ভুক্ত আছে । সোমবাৰে এই কথা সাদৰি কৰে চৰকাৰে ।

পৰ্যাবৰণ , বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ মতে বন্যপ্ৰাণী অপৰাধৰ ওপৰত সমগ্ৰ দেশত ২০১৮ চনত ৩৪৬ টা , ২০১৭ চনত ৩৯৫ টা আৰু ২০১৬ চনত ৪১২ টা গোচৰ ৰুজু হৈছে।

লগতে মন্ত্ৰালয়ে কয় যে ২০১৮ চনত সৰ্বাধিক গোচৰ ৰুজু হৈছে পশ্চিম বংগত। পশ্চিম বংগত ২০১৮ চনত বন্যপ্ৰাণী অপৰাধৰ ৫৫ টি গোচৰ ৰুজু হৈছে। তাৰ পিছতে মহাৰাষ্ট্ৰত ৪৩ টা গোচৰ , অসমত ৪২ টা গোচৰ ৰুজু হৈছে। তদুপৰি ২০১৭ চনত পশ্চিম বংগই বন্যপ্ৰাণী অপৰাধৰ ক্ষেত্ৰত উচ্চস্থান দখল কৰে । ২০১৭ চনত পশ্চিম বংগত ৫৯ টা গোচৰ , তামিলনাডুত ৪৪ আৰু অসমত ৪১ টা গোচৰ ৰুজু হৈছিল।‌ ঠিক একেদৰে ২০১৬ চনতো পশ্চিম বংগ বন্যপ্ৰাণী অপৰাধৰ ক্ষেত্ৰত উচ্চস্থানত থাকে । ২০১৬ চনত পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশত ৬৬ টা গোচৰ , মহাৰাষ্ট্ৰত ৪৫ টা আৰু অসমত ৪০ টা বন্যপ্ৰাণী অপৰাধৰ গোচৰ ৰুজু হৈছে।

অবৈধ চিকাৰৰ ফলত হাতীৰ মৃত্যু সম্পৰ্কে মন্ত্ৰনালয়ে কয় যে ২০১৮ চনত ৬ টা হাতীয়ে অবৈধ চিকাৰৰ ফলত মৃত্যু বৰণ কৰে ।য'ত ২টা ঘটনা উৰিষ্যাৰ আৰু উত্তৰাখণ্ড, তামিলনাডু , মেঘালয় আৰু ঝাৰখণ্ডত এটাকৈ ঘটনা সংঘটিত হৈছিল।

২০১৭ চনত অবৈধ চিকাৰৰ ফলত হাতীৰ মৃত্যুৰ ৮ টা গোচৰ ৰুজু হৈছিল। তাৰ ভিতৰত ৪ টা অসমৰ , ২ টা উৰিষ্যাৰ, ঝাৰখণ্ড আৰু নাগালেণ্ডৰ এটাকৈ আছিল । ২০১৬ চনত ১৩ টা অবৈধ চিকাৰৰ ফলত হাতী মৃত্যুৰ গোচৰ ৰুজু হৈছিল। য'ত চাৰিটা কৰ্ণাটকৰ , অসম আৰু কেৰেলা আৰু উৰিষ্যাৰ ২টা , মেঘালয় , তামিলনাডু, পশ্চিম বংগৰ এটাকৈ গোচৰ আছিল ।

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে দিয়া তথ্য অনুসৰি বন্যপ্ৰাণী (সংৰক্ষণ) আইন ১৯৭২ ত দিয়া কাৰ্যক পুৰণ কৰিবলৈ এক অতিৰঞ্জিত পৰ্যবেক্ষণ আৰু সমন্বয় ভূমিকাৰ সহায়ত মন্ত্ৰনালয়ৰ মতে ২০১৮ চনত ২১ টা অবৈধ বাঘ চিকাৰ আৰু ১০টা বাঘৰ অংগ কাটি নিয়াৰ গোচৰ ৰুজু হৈছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com