Begin typing your search above and press return to search.

এখন শক্তিশালী অসম গঢ়াৰ বাবে চ্যুকাফাৰ আদৰ্শ পালন কৰিব লাগে : সৰ্বানন্দ সোণোৱাল

এখন শক্তিশালী অসম গঢ়াৰ বাবে চ্যুকাফাৰ আদৰ্শ পালন কৰিব লাগে : সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2019 7:09 AM GMT

এখন শক্তিশালী অসম গঢ়াৰ বাবে চ্যুকাফাৰ আদৰ্শ পালন কৰিব লাগে :সৰ্বানন্দ সোণোৱাল। যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত সোমবাৰে অসম দিৱসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত অংশ‌গ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চাওলুং চ্যুকাফাৰ আদৰ্শ পালন কৰিয়েই আমি এখন শক্তিশালী অসমৰ গঢ় দিব লাগিব।

অসম দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষন ব্যক্ত কৰে । তেওঁ কয় যে চাওলুং চ্যুকাফা অসমীয়া জাতিৰ ৰূপকাৰ আছিল । তেওঁ কয় যে অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ চাওলুং চ্যুকাফাই অসমীয়া সভ্যতা সংস্কৃতিক শক্তিশালী ৰূপত গঢ় দি একতাৰ দোলেৰে বান্ধি থৈ গৈছে । অসমৰ লোক সকলে চাওলুং চ্যুকাফাৰ আদৰ্শ‌ পালন কৰিবলৈ কষ্ট কৰিব লাগিব । চ্যুকাফা কঠোৰ পৰিশ্ৰমী পুৰুষ।‌ তেওঁৰ কঠোৰ পৰিশ্ৰমক আদৰ্শ হিচাপে ললে তেওঁৰ সপোন সাৰ্থক হ'ব । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যে নৱ প্ৰজন্মই চাওলুং চ্যুকাফাৰ আদৰ্শ আগত লৈ আগবাঢ়িলেহে এখন শক্তিশালী অসম গঢ় দিয়া সম্ভৱ ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুৱ প্ৰজন্মক চাওলুং চ্যুকাফাৰ জীৱন আৰু কৰ্মজীৱন সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহ্বান জনায় আৰু কয় যে অসম চৰকাৰৰ দ্বাৰা ৰাজ্যৰ সকলো সমূদায়ৰ হিত আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে প্ৰয়াস কৰি আহিছে । লগতে তেওঁ ভৱিষ্যতে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ সমন্বয় ক্ষেত্ৰৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়ে।

ৰাজ্য চৰকাৰে আহোম স্বৰ্গদেউ সকলৰ কীৰ্তি যুগমীয়া কৰিবৰ বাবে বহু আঁচনি হাতত লৈছে । চৰকাৰে চৰাইদেউ স্মৃতি ক্ষেত্ৰ নিৰ্মানৰ বাবে আঁচনি লোৱাৰ লগতে স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে জনতা ভৱনৰ চৌহদত স্বৰ্গদেউ চ্যুকাফাৰ মুৰ্তি নিৰ্মানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সভাত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী , দয়ানন্দ বৰগোহাঁই, যোৰহাট জিলাৰ উপায়ুক্ত ৰোচনী অপৰাঞ্জী কৰাতিৰ লগতে আন বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক : দিল্লীত কেব সন্দৰ্ভত আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাক্ষাৎ কৰিব অমিত শ্বাহক

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Next Story
চাকৰি