দিল্লীত কেব সন্দৰ্ভত আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাক্ষাৎ কৰিব অমিত শ্বাহক

দিল্লীত কেব সন্দৰ্ভত আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাক্ষাৎ কৰিব অমিত শ্বাহক

দিল্লীত কেব সন্দৰ্ভত আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাক্ষাৎ কৰিব অমিত শ্বাহক। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক উচ্চ স্তৰীয় প্ৰতিনিধি মণ্ডল মঙ্গলবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত এক বৈঠক মিলিত হ'ব । ছাত্ৰ সংগঠনৰ শীৰ্ষ নেতা সকলে ছেন্টিনেলৰ আগত কৈছে যে তেওঁলোকে সংসদত চলি থকা শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ বিৰোধিতা কৰা যাব ।‌

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে ভাৰত চৰকাৰে তেওঁলোকক কেব সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰন জনাইছে । লগতে কয় যে আছু লোকতান্ত্ৰিক ছাত্ৰ সংগঠন, যাৰ বাবে আলোচনাত অংশ গ্ৰহণ কৰিব । কিন্তু তেওঁলোক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি জনায় । লুৰিণ জ্যোতি গগৈয়ে আৰু কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক তেওঁলোকে কেব মানি নলোৱাৰ কথা স্পষ্ট ভাৱে কব । লগতে পুৰণি আৰু নতুন সংস্কৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব ।

চৰকাৰে হিন্দু বাংলাদেশী সকলক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে যি সকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছে । এয়া ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচৰাৰ বাহিৰে আন একো নহয় । যদি সংসদত কেব গৃহীত হয় তেন্তে অন্য ৰাজনৈতিক দলৰ বাবে ভৱিষ্যতে আৰু এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধন‌ কৰাৰ আৰু অন্য ধাৰ্মিক লোক সকলক নাগৰিকত্ব প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিব ।

কেবে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ সম্পূৰ্ণ ৰূপে উলংঘন কৰিছে । এই সকলো কথা ব্যক্ত কৰে আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধৰণ সম্পাদক পলাশ চাংমাই কয় যে মঙ্গলবাৰে তেওঁলোকে দিল্লীৰ বৈঠকত অংশ গ্ৰহণ কৰিব । তেওঁ কয় যে তেনেদৰে তেওঁলোকে ৰাজপথত কেবল বিৰোধিতা কৰি আহিছে ঠিক তেনেকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত কৰা আলোচনাৰ সময়তো বিৰোধিতা কৰি যাব । কেবে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ‌ ভাষা সংস্কৃতিত ভাবুকি প্ৰদান কৰিব ।

লগতে তেওঁ কয় যে যোৱা ৪০ বছৰৰ পৰা অসমত ইনাৰ লাইন পাৰ্মিটৰ দাবী কৰি আহিছে । কিন্তু ইয়াৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কোনো ব্যৱস্থা হাতত নললে । এতিয়া চৰকাৰে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহত কেব গৃহীত নোহোৱাৰ কথা উল্লেখ কৰিছে । যদি অসমতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিল হয় তেন্তে অসমো কেবৰ পৰা ৰেহাই পালেহেতেন । ইনাৰ লাইন পাৰ্মিট অসমৰ বাবে এতিয়াও অতি মহত্বপূৰ্ণ। যাৰ বাবে সংগঠনটোৱে অমিত শ্বাহক ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ দাবী কৰিব বুলিও কয় পলাশ চাংমাই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com