চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মদিন হ্ৰাসে ভাবুকি আনিছে কৰ্মসংস্কৃতিৰ প্ৰতি

চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মদিন হ্ৰাসে ভাবুকি আনিছে কৰ্মসংস্কৃতিৰ প্ৰতি

চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মদিন হ্ৰাসে ভাবুকি আনিছে কৰ্মসংস্কৃতিৰ প্ৰতি। সেই সময় আহি উপস্থিত হৈছে যি সময়ত অসম চৰকাৰে এক নিদিষ্ট দিশ নিৰ্ণয়ক মানচিত্ৰ তৈয়াৰ কৰা তাৰ বিপৰীতে দেখা গৈছে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্ম দিন হ্ৰাস কৰিছে।মুখ্য বিষয়টো হল যে ৰাজ্য চৰকাৰৰ কৰ্মীসকলে কিমানসংখ্যক বন্ধ দিন লাভ কৰিছে। যি বিষয় কৰ্মসংস্কৃতিৰ সৈতে জড়িত আছে।২০১৬ চনত দেখা গৈছিল কৰ্মসংস্কৃতিত সংস্কাৰৰ বাবে সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চেষ্টা কৰিছিল আৰু চৰকাৰী কৰ্মী সকলক অধিক কাম কৰাৰ বাবে আহ্বান জনাইছিল। কিন্তু তাৰ বিপৰীতে দেখা গৈছে কৰ্মদিন

হ্ৰাস পাই আছে বছৰে প্রতি তাৰ বিপৰীতে বৃদ্ধি পাইছে বন্ধৰ দিন।চৰকাৰী বন্ধৰ দিন হ্ৰাস কৰিব পাৰি অতিকমেও দুই দিন বাদ দি আৰু কেইটামান বিশেষ চৰকাৰী বন্ধৰ দিন নিধাৰিত বন্ধ দিনলৈ হ্ৰাস কৰা।

২০১০ চনৰ পৰা ২০১৯ লৈ চৰকাৰী বন্ধসমূহ হল এনেধৰণৰ ২০১০ চনত ৩৩টা,২০১১ত ৩৪টা,২০১২ ত৩২টা ,২০১৩ত ৩১টা,২০১৪ত ৩০টা,২০১৫ ত ৩২ টা,২০১৬ত ৩২ টা,২০১৭ত ৩২টা,২০১৮ত ৩২ টা আৰু ৩৫ তা দিন ২০১৯ ট।ৰাজ্যৰ কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ২০২০ চনত ৩৫ টা চৰকাৰী বন্ধৰ দিন নিধাৰিত কৰা হৈছে।অন্যহাতে ২০১৭ চনৰ তুলনাত চৰকাৰী বন্ধৰ দিন বৃদ্ধি পাইছে ২০১৯ আৰু ২০২০ চনত।

অন্যহাতে ২০২০ চনৰ ঘোষিত ৩৫ দিনৰ চৰকাৰী বন্ধৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে ৫২ দিন লাভ কৰিব দেওবাৰ হিচাপে বন্ধ দিন,২৪দিন দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হিচাপে বন্ধ দিন লাভ কৰিব।আনফালে ৩৫ দিনৰ চৰকাৰী বন্ধ দিনৰ ছয় দিন পৰিছে শনিবাৰ আৰু দেওবাৰত। সেইবাবে প্ৰকৃত চৰকাৰী বন্ধ দিনৰ সংখ্যা হবগৈ ২৯ টা।

আগন্তক বৰ্ষ লিপ য়েৰ বৰ্ষ হিচাপে দেওবাৰ আৰু শনিবাৰ সহিত সৰ্বমুঠ চৰকাৰী বন্ধ দিন ২০২০ ত হবগৈ ১১২টা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com