কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ সুখবৰ, একেকোবে চাৰি শতাংশ বৃদ্ধি ডি এ

কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ সুখবৰ, একেকোবে চাৰি শতাংশ বৃদ্ধি ডি এ

কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ সুখবৰ, একেকোবে চাৰি শতাংশ বৃদ্ধি ডি এ

কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ সুখবৰ। একেকোবে চাৰি শতাংশ বৃদ্ধি পালে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া বানচ(ডি এ)। বয়-বস্তুৰ মূল্যবৃদ্ধিক দোহাই শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডি এ আৰু অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া সকাহ(ডি আৰ)চাৰি শতাংশ বৃদ্ধিত অনুমোদন জনায়। ফলত সম্প্ৰতি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডি এ ২১ শতাংশ হৈছে। এই চাৰি শতাংশ ডি এ বৃদ্ধি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। উল্লেখ্য যে চৰকাৰী কৰ্মচাৰীসকলৰ ডি এ প্ৰতিবছৰে দুবাৰ বৃদ্ধি পায়।ইয়াৰে এবাৰ জানুৱাৰীত আৰু দ্বিতীয়বাৰ জুলাইত বৃদ্ধি পায়।বয়-বস্তৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্য চৰকাৰে ডি এ বৃদ্ধি কৰে। আনহাতে, শেহতীয়াভাবে দেশত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য উদ্বেগজনকভাবে বৃদ্ধি পাইছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশত খুচুৰা মুদ্ৰাস্ফীতি ৬.৫৮ শতাংশলৈ বৃদ্ধি পায়। এনে পৰিস্থিতি তথা নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত যাতে কৰ্মচাৰীসকল অসন্তুষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই একেকোবে চাৰি শতাংশ ডি এ বৃদ্ধি কৰা বুলি চৰ্চিত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com