Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ আতংকঃ দিল্লীৰ পাছত মণিপুৰতো স্কুল বন্ধ ৰখাৰ নিৰ্দেশ

ক’ৰ’না ভাইৰাছৰ আতংকঃ দিল্লীৰ পাছত মণিপুৰতো স্কুল বন্ধ ৰখাৰ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2020 12:27 PM GMT

ক’ৰ’না ভাইৰাছৰ আতংকঃ দিল্লীৰ পাছত মণিপুৰতো স্কুল বন্ধ ৰখাৰ নিৰ্দেশ

প্ৰায় সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব প্ৰতিহত কৰাৰ উদ্দেশ্য মণিপুৰ চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ গাতে লাগি থকা ৰাজ্যখনৰ চৰকাৰে অহা ৩১ মাৰ্চলৈকে সকলো স্কুল বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে স্কুলৰ পৰীক্ষাসমূহ ইতিমধ্যে প্ৰস্তুত কৰা সূচী অনুসৰি অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ উদ্দেশ্য অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে দিল্লী চৰকাৰে। বৃহস্পতিবাৰে দিল্লী চৰকাৰে দেশৰ ৰাজধানী মহানগৰখনৰ সকলো স্কুল আৰু চিত্ৰগৃহ অহা ৩১মাৰ্চলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। সম্প্ৰতি মণিপুৰ চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত টি ৰঞ্জিত সিঙে জাৰি কৰা এক নিৰ্দেশনাৰ জড়িয়তে অহা ৩১ মাৰ্চলৈকে ৰাজ্যখনৰ চৰকাৰী-বেচৰকাৰী সকলো স্কুল বন্ধ ৰাখিবলৈ কোৱা হৈছে। অৱশ্যে শিক্ষা আয়ুক্তৰ নিৰ্দেশনাটোত স্কুলৰ পৰীক্ষাসমূহ ইতিমধ্যে প্ৰস্তুত কৰা সূচী অনুসৰি চলি থাকিব বুলি উল্লেখ আছে। উল্লেখ্য যে ক’ৰ’না ভাইৰাছক প্ৰতিহত কৰাৰ উদ্দেশ্য কিছুদিন পূৰ্বে মণিপুৰ চৰকাৰে ম্যানমাৰ সীমান্ত ছীল কৰে।

মোৰেৰে ম্যানমাৰৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। তদুপৰি সাৱধানতামূলক পদক্ষেপৰ অংশস্বৰূপে এমাহৰ বাবে সকলো চৰকাৰী কাৰ্যালয়ত উপস্থিতিৰ বায়োমেট্ৰিক স্বাক্ষৰ ব্যৱস্থা বন্ধ ৰাখিছে চৰকাৰে। অলপতে স্বাস্থ্য বিভাগে এক নিৰ্দেশযোগে বায়োমেট্ৰিক স্বাক্ষৰ ব্যৱস্থা এমাহৰ বাবে বাতিল কৰে। আনহাতে, চুবুৰীয়া মিজোৰামেও সাৱধানতামূলক পদক্ষেপৰ অংশস্বৰূপে ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত ছীল কৰিছে। উল্লেখ্য যে ভাৰতত বৃহস্পতিবাৰলৈকে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৭৩জনলৈ বৃদ্ধি পায়। অবশ্যে এই ৰোগক লৈ কোনো লোককে আতংকিত নহ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে মোদীয়ে দেশবাসীক উদ্দেশি কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজনত সকলো ব্যৱস্থা গ্ৰহণ কৰিব ৷

ইপিনে, ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ নাম প্ৰকাশ নকৰিবলৈ চৰকাৰে সকলোৰে প্ৰতি আহ্বান জনাইছে ৷ একেদৰে পুনে আৰক্ষীয়ে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগত আক্ৰান্তৰ নাম প্ৰকাশ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ আনহাতে, ক’ৰ’না ভাইৰাছ সম্পৰ্কে ভুবা খবৰ বিয়পোৱাৰ অভিযোগত মিজোৰামত অলপতে গ্ৰেপ্পাৰ হ’বলগীয়া হয় ১১জনকৈ লোক ৷ অভিযোগ অনুসৰি এই লোক কেইজনে ৱাটছএপৰ জড়িয়তে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব সম্পৰ্কত ভুৱা খবৰ বিয়পায় ৷ অৱশেষত এই কাৰ্য দৃষ্টিগোচৰ হোৱাত আৰক্ষীয়ে অভিযুক্তকেইজনৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰি আটাইকেইজনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে গ্ৰেপ্তাৰৰ কিছু সময়ৰ পাছতে আটাইকেইজন অভিযুক্তক জামিনত যাবলৈ দিয়ে আৰক্ষীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰেল কৰ্মচাৰীসহ ছজন গ্ৰেপ্তাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fire breaks out at business establishment near Powai Tea Estate under Margherita Sub-Division

Next Story
চাকৰি