চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰেল কৰ্মচাৰীসহ ছজন গ্ৰেপ্তাৰ

 চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰেল কৰ্মচাৰীসহ ছজন গ্ৰেপ্তাৰ

চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰেল কৰ্মচাৰীসহ ছজন গ্ৰেপ্তাৰ

ৰাজ্যত বৰ্ধিত নিবনুৱা সমস্যাৰ সুযোগ লৈ চাকৰিৰ প্ৰলোভনেৰে বিভিন্ন স্থানত দালাল চক্ৰই জাল পেলাইছে। যোৱা বুধবাৰে নিশা ৰাজ্যৰ বিভিন্ন স্থানত এনে দালাল চক্ৰৰ ছজন লোক জালত পৰে। ইয়াৰে এজন ৰেলৱেৰ কৰ্মচাৰী। উত্তৰ-পূব সীমান্ত ৰেলৱেত কৰ্মৰত বিপ্লব চক্ৰৱৰ্তী নামৰ এই কৰ্মচাৰীজনক ৰেলৱে সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীক গটাই দিয়ে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ৰেল কৰ্মচাৰী চক্ৰৱৰ্তীয়ে ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ১০জন যুৱকক ভুৱা নিযুক্তি পত্ৰ যোগান ধৰে। পাছত এই কথা জানিব পাৰি আৰ পি এফৰ এটা দলে তেওঁক বুধবাৰে নিশা গুৱাহাটীৰ পাণ্ডুৰ একাউণ্টছ কলনীস্থিত চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে। পাছত তেওঁক আৰ পি এফে জালুকবাৰী আৰক্ষীক গটাই দিয়ে। আৰ পি এফৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জালুকবাৰী থানাত ৰেল কৰ্মচাৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪৬৮, ৪৭০, ৪৭১ আৰু ৪২০ ধাৰাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, আৰ পি এফে অভিযুক্তজনৰ চৰকাৰী আৱাসৰ পৰা বহু সংখ্যক ভুৱা নিযুক্তিপত্ৰ, ভুৱা ছীল আদি জব্দ কৰে। তেওঁ উক্ত ১০জন লোকক চলিত বৰ্ষৰ ৯ মাৰ্চত স্বাক্ষৰিত ভুৱা নিযুক্তি পত্ৰ দিছিল।

ইপিনে, ভাৰতীয় সেনাত চাকৰি দিয়াৰ প্ৰলোভনেৰে একাংশ নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰা এটা পাঁচজনীয়া চক্ৰক বুধবাৰে নিশা তেজপুৰৰ পৰোৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি ধৃত লোককেইজনে এনেদৰে প্ৰৱঞ্চনাৰ জাল পেলাই অহা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ধৃত অভিযুক্তকেইজন হ’ল উত্তম দে, সঞ্জীৱ দত্ত, অসীম শৰ্মা, কিৰণ তালুকদাৰ আৰু অমিত শৰ্মা। তেওঁলোকৰ পৰা আৰক্ষীয়ে দুখন বাইক আৰু সাতটা ম’বাইল ফোনসহ কেতবোৰ নথি-পত্ৰ জব্দ কৰে।চক্ৰটোৰ বিৰুদ্ধে তেজপুৰ থানাত ৪১৫/২০ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪০৬ ধাৰাত গোচৰ ৰুজু কৰা হয় বুলি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাট্টাই জানিবলৈ দিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com