ক’ৰ’না ভাইৰাছৰ বিভীষিকাঃ বিশ্বজুৰি সৌজন্যতা প্ৰদৰ্শনৰ মাধ্যমত পৰিণত নমস্কাৰ

ক’ৰ’না ভাইৰাছৰ বিভীষিকাঃ বিশ্বজুৰি সৌজন্যতা প্ৰদৰ্শনৰ মাধ্যমত পৰিণত নমস্কাৰ

ক’ৰ’না ভাইৰাছৰ বিভীষিকাঃ বিশ্বজুৰি সৌজন্যতা প্ৰদৰ্শনৰ মাধ্যমত পৰিণত নমস্কাৰ

ভাৰতীয় সংস্কৃতিৰ অন্যতম বাৰ্তাবাহক নমস্কাৰ অধবা নমস্তে সম্প্ৰতি বিশ্বজুৰি সৌহাৰ্দ্যতা বিনিময়ৰ মাধ্যমত পৰিণত হৈছে। বিশ্বৰ বহু ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে আন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ মুখামুখী হ’লে পূৰ্বৰ দৰে কৰমৰ্দন নকৰে। তাৰ পৰিৱৰ্তে ইজনে সিজনক নমস্কাৰ কৰে।এই পৰিৱৰ্তনৰ কাৰণ হৈছে প্ৰায় বিশ্বজুৰি ক’ৰ’না ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছে। যিহেতু ক’ৰ’না ভাইৰাছ সংস্পৰ্শৰ দ্বাৰাও বিয়পে, গতিকে ক’ৰ’না ভাইৰাছৰ পৰা সাৱধানতামূলক পদক্ষেপ হিচাপে নমস্কাৰক সৌজন্যতা প্ৰদৰ্শন বা অভিবাদন জনোৱাৰ মাধ্যমৰূপে গ্ৰহণ কৰিছে বিশ্বৰ বহু দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে। ফলত সম্প্ৰতি নমস্কাৰ সমগ্ৰ বিশ্বজুৰি সৌহাৰ্দ্যতা বিনিময়ৰ মাধ্যমত পৰিণত হৈছে। ১২ মাৰ্চত নমস্কাৰ-প্ৰতি নমস্কাৰেৰে পৰস্পৰৰ প্ৰতি সৌজন্যতা প্ৰদৰ্শন কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী লিও এ ৱাদাৰকাৰে। সম্প্ৰতি ৱাদাৰকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণত আছে। কালি তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাত কৰে।

https://twitter.com/ParveenKaswan/status/1237952257313796102

একেদৰে ক’ৰ’না ভাইৰাছৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে নমস্কাৰক অভিবাদন জনোৱাৰ মাধ্যম কৰাৰ পোষকতা কৰিছে। কালি প্ৰধানমন্ত্ৰী নেটান্যাহুৱে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কীয় এক সজাগতা কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত তেওঁ সকলোকে কৰমৰ্দনৰ পৰিৱৰ্তে ভাৰতীয় নমস্কাৰক অভিবাদন জনোৱাত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটাৰত কয়,‘ অলপতে ভাৰত ভ্ৰমণ কৰাৰ পাছত মই দেশলৈ উভতি আহি অভিবাদন জনোৱাৰ বাবে কৰমৰ্দনৰ পৰিৱৰ্তে নমস্কাৰ ব্যৱহাৰ কৰি আহিছো। নমস্কাৰ জনোৱাটো অতি সহজ কাম”। একেদৰে বিশ্বৰ আন বহু দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী আদিয়েও অভিবাদন জনাওঁতে নমস্কাৰ ব্যৱহাৰ কৰিবলৈ লৈছে।ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লচে অভিবাদন জনাওঁতে নমস্কাৰ ব্যৱহাৰ কৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুভাৱ বিশ্বৰ বহু দেশত ঘটাৰ বাবে এই ৰোগক বহু দেশক সামৰি লোৱা মহামাৰী বা পেণ্ডেমিকৰূপে আখ্যা দিছে। ভাৰততো ক্ৰমে এই ৰোগে জটিল ৰূপ ধাৰণ কৰিছে। কালি কৰ্ণাটকৰ এজন লোকৰ এই ৰোগত মৃত্যু হয়।৭৬ বছৰীয়া এই লোকজনেই হ’ল ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত মৃ্ত্যু হোৱা প্ৰথমজন ভাৰতীয় লোক। ১১দিন পূৰ্বে তেওঁ ছৌদি আৰৱ ভ্ৰমণ সামৰি স্ব-গৃহত উপস্থিত হৈছিল। আনহাতে, দিল্লী চৰকাৰে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী মহানগৰখনৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি অহা ৩১মাৰ্চলৈকে দিল্লীৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com