Begin typing your search above and press return to search.

১৫ আগষ্টৰ ভিতৰত বন্ধ হ’ব টোল-মাদ্ৰাছাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব

১৫ আগষ্টৰ ভিতৰত বন্ধ হ’ব টোল-মাদ্ৰাছাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2020 10:08 AM GMT

১৫ আগষ্টৰ ভিতৰত বন্ধ হ’ব টোল-মাদ্ৰাছাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব

অহা ১৫ আগষ্টৰ ভিতৰত বন্ধ হ’ব ৰাজ্যৰ সকলো চৰকাৰী সংস্কৃত টোলৰ লগতে চৰকাৰী মাদ্ৰাছাসমূহ। বৃহস্পতিবাৰে বিধানসভাত এই কথা দোহাৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা মাহত শিক্ষামন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে চৰকাৰী অনুদানেৰে চলি থকা ধৰ্মীয় শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিব। এই স্থিতি দোহাৰি মন্ত্ৰী শৰ্মাই সদনত কয় যে সকলো চৰকাৰী টোল আৰু মাদ্ৰাছক হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব। তদুপৰি দান-বৰঙণিৰে চলি থকা খেৰাটী মাদ্ৰাছাসমূহত গণিত, ইংৰাজী আৰু বিজ্ঞানৰ শিক্ষাপ্ৰদান বাধ্যতামূলক কৰা হ’ব বুলি তেওঁ সদৰী কৰে। মন্ত্ৰীজনে লগতে কয় যে খেৰাটী মাদ্ৰাছাসমূহে চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰাব লাগিব। সদনৰ শূন্য কালত কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই সোধা এক প্ৰশ্নৰ উত্তৰ দি শৰ্মাই কয়, “চৰকাৰ আৰবী আৰু সংস্কৃত ভাষাবিৰোধী নহয়। কিন্তু চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা চলাবলৈ দিয়া নহ’ব।

কোনোবাই ইচ্ছা কৰিলে আৰবী শিকিব পাৰে। তাত কোনো বাধা নাই। অসমত চীনা আৰু জাপানী ভাষাৰো শিক্ষা প্ৰদান কৰি থকা হৈছে। কিন্তু কোনোবাই আৰবীৰ শিক্ষাদানৰ নামত কোৰানৰ শিক্ষাদান কৰিব নোৱাৰে।”আনহাতে, সংস্কৃত সম্পৰ্কত তেওঁ কয় যে সংস্কৃত ভাষা হৈছে ভাৰতীয় সংস্কৃতিৰ এক অংগ। গতিকে চৰকাৰ সংস্কৃত ভাষাবিৰোধী নহয় বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সংস্কৃত ভাষা আৰু সংস্কৃতিৰ বিকাশ সাধনৰ প্ৰতি চৰকাৰে বৰঙণি আগবঢ়াব। কিন্তু চৰকাৰে সংস্কৃত শিক্ষাৰ নামত টোলসমূহত ধৰ্মীয় শিক্ষা প্ৰদানৰ অনুমতি দিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।

অন্য খবৰৰ বাবে পঢ়ক : এক লাখ বিধবা-১০ হেজাৰ দিব্যাংগলৈ পেঞ্চন ঘোষণা অসম চৰকাৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU staged two hour sit-in demonstration against CAA 2019 in Charaideo

Next Story
চাকৰি