এক লাখ বিধবা-১০ হেজাৰ দিব্যাংগলৈ পেঞ্চন ঘোষণা অসম চৰকাৰৰ

এক লাখ বিধবা-১০ হেজাৰ দিব্যাংগলৈ পেঞ্চন ঘোষণা অসম চৰকাৰৰ

এক লাখ বিধবা-১০ হেজাৰ দিব্যাংগলৈ পেঞ্চন ঘোষণা অসম চৰকাৰৰ

ৰাজ্যৰ এক লক্ষ বিধবা তথা স্বামীহীনা মহিলা আৰু ১০ হেজাৰ দিব্যাংগ(বিশেষভাবে সক্ষম)ব্যক্তিলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে পেঞ্চন ঘোঘণা কৰিছে। বৃহস্পতিবাৰে বিধানসভাত এই কথা প্ৰকাশ কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত ৰাজ্যখন প্ৰগতিৰ সঠিক দিশত ধাৱমান হোৱাৰ সুবাদত চৰকাৰে এনে জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানে ৰাজ্যৰ মুঠ ঘৰুৱা উত্পাদন(জি ডি পি) ১২ শতাংশ উল্লেখ কৰি মন্ত্ৰীজনে কয় যে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ উল্লেখনীয়ভাবে বৃদ্ধি পাইছে। কংগ্ৰেছৰ আমোলত ২০১২-১৩ত ৰাজহ বৃদ্ধি দুই শতাংশ আৰু ২০১৩-১৪ত মাথোঁ ১.৩৯ শতাংশ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়া দেশৰ ভিতৰতে সৰ্বনিন্ম আছিল। প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে অৰুণোদয় আঁচনি ৰূপায়ন কৰা হব বুলি প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই পুনৰ কয় যে এনেদৰে একোজন হিতাধিকাৰীৰ একাউণ্টত মাহিলী ৮১৪টকাকৈ জমা দিয়া হব। মিত্ৰজোঁটৰ শাসনত ২০১৮-১৯ত ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ হাৰ ৩৫ শতাংশ আছিল। এনেদৰে ৰাজ্যৰ আৰ্থিক প্ৰগতি ক্ষিপ্ৰতৰ হৈছে বুলি তেওঁ দাবী কৰে।

উল্লেখ্য যে আগন্তক ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটতো অনেক অভিলাসী আঁচনি ঘোষণা কৰে বিত্তমন্ত্ৰী শৰ্মাই। কংগ্ৰেছৰ আমোলত আৰ্থিক প্ৰগতিৰ ক্ষেত্ৰত অসম বহু দূৰ পিছুৱাই আছিল বুলি উল্লেখ কৰি তেওঁ আকৌ কয়, ‘২০১১ ৰ পৰা ২০১৬লৈ ৰাজ্যত বাৰ্ষিক চৰকাৰী ব্যয় আছিল ৩৬ হেজাৰ কোটি টকা। কিন্তু মিত্ৰজোঁটৰ শাসনত বিগত তিনি বছৰত বাৰ্ষিক চৰকাৰী ব্যয় ৬৫,৩২০ কোটি টকালৈ বৃদ্ধি পায়। চলিত বিত্তীয় বৰ্ষত ৮০ হেজাৰ কোটি টকালৈ বৃদ্ধিৰ সম্ভাৱনা আছে”।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU staged two hour sit-in demonstration against CAA 2019 in Charaideo

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com