নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কাঢ়ি নলয় – পুনৰ আশ্বাস দিলে অমিত শ্বাহে

নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কাঢ়ি নলয় – পুনৰ আশ্বাস দিলে অমিত শ্বাহে

নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কাঢ়ি নলয় - অমিত শ্বাহ। " মই আকৌ এবাৰ ক'ব বিচাৰো যে নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কাঢ়ি নলয়। মই মুছলমান ভাই-ভনীসকলক ক'ব বিচাৰো যে কা- সম্পৰ্কে অপপ্ৰচাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী (এন পি আৰ)ক লৈ কোনোৱেই ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই।ইয়াৰ উন্নীতকৰণ প্ৰক্ৰিয়াত কোনো লোককে সন্দেহজনকৰূপে চিহ্নিত কৰা নহ'ব ।এন পি আৰৰ বাবে কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই"। বৃহস্পতিবাৰে ৰাজ্যসভাত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।এন আৰ চি আৰু এন পি আৰক লৈ এইদৰে গৃহমন্ত্ৰী শ্বাহে বিভিন্নজনক পুনৰ আশ্বাসবাণী শুনোৱাৰ লগতে এই কথাও আওপকীয়াকৈ স্পষ্ট কৰি দিয়ে মোদী চৰকাৰে গ্ৰহণ কৰা নীতিৰ ক্ষেত্ৰত অলৰ-অচৰ হৈ আছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি যোৱা মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক কাৰ্য সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত একাংশ লোকে ৰাজহুৱাকৈ উচটনিমূলক বক্তব্য আগবঢ়ায়। ফলত এই আইন বিৰোধী আন্দোলনে লাহে লাহে সাম্প্ৰদায়িক হিংসাৰ ৰূপ লয় বলি তেওঁ অভিযোগ কৰি লগতে ‌কয়,“আমাৰ ওচৰত ২৪ ফেব্ৰুৱাৰীত তথ্য আছিল যে কেতবোৰ পক্ষৰ মাজত বিদেশৰ পৰা অহা ধন বিতৰণ কৰা হৈছে।এই অপৰাধৰ বাবে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে"।

লগতে তেওঁ কয় যে ষড়যন্ত্ৰ অবিহনে অতি কম সময়ৰ ভিতৰতে ইমান ডাঙৰ হিংসাত্মক কাৰ্য সংঘটিত কৰা সম্ভৱ নহয়। এই দিশসমূহৰ তদন্ত কৰাৰ বাবে গোচৰ ৰুজু কৰা বুলি কয় শ্বাহে।

সদনত উত্তৰ দিল্লীৰ কাণ্ডক লৈ হোৱা বিতৰ্কত ভাগ লৈ গৃহমন্ত্ৰীজনে কয় যে দিল্লীৰ এই হিংসাত্মক ঘটনাৱলীত অভিযুক্তসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা‌ ব্যৱস্থাই এক উদাহৰণ হিচাপে কাম কৰিব । লগতে তেওঁ কয় যে নিৰীহ ব্যক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো নিশ্চিত ।

আনহাতে, দিল্লীৰ এই হিংসাত্মক প্ৰতিবাদৰ সময়ত সংঘচিত হত্যাৰ ৫০ টা গোচৰ, ধৰ্মীয় স্থান, চিকিৎসালয়, শৈক্ষিক অনুষ্ঠানত হোৱা আক্ৰমণৰ তিনিটা গোচৰ এছ আই টি ৰ‌ হাতত অৰ্পন কৰা হৈছে উল্লেখ কৰি শ্বাহে কয় যে অস্ত্ৰ আইনৰ অধীনত ৪৯ টা গোচৰ ৰুজু হোৱাৰ লগতে ১৫৩ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

তেওঁ কয় যে দিল্লী আৰক্ষীয়ে এই হিংসাত্মক কাৰ্য অন্য স্থানলৈ সম্প্ৰসাৰিত হোৱাত বাধা প্ৰদান কৰে। দিল্লী আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য অতি নিষ্ঠা সহকাৰে পালন কৰা বুলিও শ্বাহে দাবী কৰে।

তেওঁ কয়, “ ব্যক্তিৰ গোপন তথ্য উদ্ধাৰৰ বাবে আমি আধাৰ কাৰ্ড ব্যৱহাৰ কৰা নাই ।‌আমি ব্যক্তিগত গোপনীয়তাক সন্মান কৰো। কিন্তু য'ত মানুহৰ মৃত্যুৰ কথা আহি পৰে তাত ব্যক্তিৰ গোপনীয়তাত গুৰুত্ব দি লাভ আছে নেকি ? আমি ব্যক্তিৰ পৰিচয় ডি/এল আৰু ভোটাৰ কাৰ্ডৰ দ্বাৰা কৰিছো '।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com