দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৩লৈ বৃদ্ধিঃ  দিল্লীত বন্ধ হ’ল সকলো স্কুল-চিত্ৰগৃহ

দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৩লৈ বৃদ্ধিঃ দিল্লীত বন্ধ হ’ল সকলো স্কুল-চিত্ৰগৃহ

প্ৰায় সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব ৰোধৰ উদ্দেশ্য দিল্লী চৰকাৰে ৰাজধানী মহনগৰখনৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি অহা ৩১মাৰ্চলৈকে দিল্লীৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ থাকিব ৷ উল্লেখ্য যে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা সম্প্ৰতি ভাৰতত ৭৩জন হৈছে ৷ অবশ্যে এই ৰোগক লৈ কোনো লোককে আতংকিত নহ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে মোদীয়ে দেশবাসীক উদ্দেশি কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজনত সকলো ব্যৱস্থা গ্ৰহণ কৰিব ৷ ইপিনে, ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ নাম প্ৰকাশ নকৰিবলৈ চৰকাৰে আহ্বান জনাইছে ৷ ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ নাম প্ৰকাশ নকৰিবলৈ পুনে আৰক্ষীয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com