৫০ গৰাকী পত্নী,১০৫০ সন্তানৰ জন্ম দিয়াটো মুছলিমসকলৰ পশু প্ৰবৃত্তি: বিজেপি বিধায়ক

৫০ গৰাকী পত্নী,১০৫০ সন্তানৰ জন্ম দিয়াটো  মুছলিমসকলৰ পশু প্ৰবৃত্তি: বিজেপি বিধায়ক

৫০ গৰাকী পত্নী,১০৫০ সন্তানৰ সন্দৰ্ভত মন্তব্য দি বিতৰ্কৰ আৱৰ্ত্তত ইউ.পিৰ বিজেপি বিধায়ক ৷ যিসকল মুছলমান লোকৰ বহু পত্নী আৰু বহু সংখ্যক সন্তান থাকে ৷তেওঁলোকৰ প্ৰবৃত্তি পশুৰ দৰে ৷ এই মন্তব্য বালিয়াৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙৰ ৷ সদ্যহতে বিধায়ক সুৰেন্দ্ৰ সিঙৰ এই মন্তব্য পিছতে সকলোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত বিজেপিৰ নেতা সুৰেন্দ্ৰ সিঙে কয় যে মুছলিম ধৰ্মৰ লোকসকলে ৫০ গৰাকী পত্নী ৰখাৰ উপৰি ১০৫০ টা সন্তানৰ জন্ম দিয়ে ৷ এইয়া পৰম্পৰা নহয় ৷পশু প্ৰবৃত্তিহে ৷ কাৰণ সমাজত কেৱল দুই চাৰিটা সন্তান জন্ম দিয়াটোহে সাধাৰণ কথা।

আনহাতে বালিয়াৰ বিধায়ক সুৰেন্দ্ৰ সিঙৰ এই মন্তব্য নতুন নহয় ৷নিজৰ বিতৰ্কিত মন্তব্যৰ কাৰণে সততে চৰ্চাত থাকে সুৰেন্দ্ৰ সিং ৷বিগত বৰ্ষৰ জুলাই মাহত বালিয়াৰ বিধায়ক সিঙে কৈছিল যে প্ৰত্যেক গৰাকী হিন্দু দম্পতীক হিন্দুত্ব ৰক্ষা কৰিবৰ কাৰণে অতি কমেো পাঁচটা সন্তান জন্ম দিয়াব লাগে ৷

ভাৰতবৰ্ষৰ হিন্দুসকলৰ জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে এই পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী ৷ ইফালে প্ৰথমতে হিন্দুত্ব ৰক্ষা কৰিবৰ কাৰণে হিন্দু দম্পতীক সন্তানৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান কৰা আৰু সম্প্ৰতি মুছলমানসকলৰ প্ৰতি কৰা বিতৰ্কিত মন্তব্যৰ পিছত চৰ্চিত হৈ আছে বালিয়াৰ বিধায়ক সুৰেন্দ্ৰ সিং ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com