আৰক্ষীৰ বেষ্টনীত ন্যায়ালয়ৰ ৫ মহলৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা অভিযুক্তৰ

আৰক্ষীৰ বেষ্টনীত ন্যায়ালয়ৰ ৫ মহলৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা অভিযুক্তৰ

নতুন দিল্লীৰ শ্বাকেট জিলাত এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হৈছে । ন্যায়ালয়ৰ চৌহদতে ৫ মহলৰ ওপৰৰৰ পৰা জপিয়াই আত্মহত্যা অভিযুক্তৰ। অভিযুক্ত গৰাকী শুনানিৰ পক্ৰিয়াৰ বাবে প্ৰবেশ কৰা পিছতে এই ঘটনাৰ সংঘটিত হয় । ৯ জুলাইত আৰক্ষী জিম্মাত থকা অভিযুক্ত গৰাকীয়ে আত্মহত্যা কৰে ।

আৰক্ষীৰ জিলা অধীক্ষকৰ বিজয় সিঙে প্ৰকাশ কৰে যে, শ্বাহদৰাৰ তৈয়াব খান চেইন টানি চুৰি কাৰ্য্যত অভিযুক্ত আছিল । দক্ষিণ পশ্চিম দিল্লীৰ চানলাইট কলনিত চেইন টানি লৈ গৈছিল তায়াব খানে ।

অভিযুক্ত তৈয়াব খানক এজন আৰক্ষী বিষয়ায়ে ধৰি ৰাখিছিল । ৯ তাৰিখে শুনানিৰ বাবে ন্যায়ালয়ত উপস্থিত হোৱাৰ পিছতে ন্যায়ালয়ৰ ৫ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে । এই ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছিল ।

অভিযুক্ত গৰাকীক তৎক্ষনাত চাফদুৰজুঙ হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com