স্বামীয়ে কম দামী স্মাৰ্টফোন দিয়াৰ বাবে পত্নীৰ আত্মহত্যা

স্বামীয়ে কম দামী স্মাৰ্টফোন দিয়াৰ বাবে পত্নীৰ আত্মহত্যা

মধ্য প্ৰদেশত এক চাঞ্চ্যলকৰ ঘটনাৰ সংঘটিত হৈছে । স্বামীয়ে কম দামী স্মাৰ্টফোন দিয়াৰ বাবে পত্নীয়ে আত্মহত্যা কৰে । ভূপালৰ পিপলানি অঞ্চলত এই ঘটনা সংঘটিত হৈছে । স্বামীয়ে পত্নীৰ বাবে ৭,৫০০ টকাৰ মোবাইল ফোন কিনি আনিছিল । কম দামী স্মাৰ্টফোন কিনি অনাৰ বাবে হতাশ হৈ আত্মহত্যা কৰে পত্নীয়ে।

পূজা নামৰ এই মহিলা গৰাকীয়ে বিশালৰ লগত ৩ বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল । তেওঁলোকৰ জীয়েক এজনীও আছে।

পূজায়ে ১৫ হাজাৰ টকাৰ এটা ফোন পছন্দ কৰিছিল কিন্তু স্বামীয়ে ৭ হাজাৰ টকাৰ মোবাইল ফোন কিনি দিয়াৰ বাবে এনে চৰম পথ লয় পূজায়ে।

"বুধবাৰে সন্ধিয়া স্বামী আৰু পত্নীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল । তাৰ পাছত শুবলৈ যায় দুয়ো । বিশালে আন এটা কোঠাত শুৱে আৰু পূজা য়ে অকণমানি জীয়েকৰ সৈতে আন এটা ৰোমত শুবলৈ যায় । ১:৩০ বজাত সৰু ছোৱালী জনীয়ে কান্দি থকা শুনি বিশালে উঠি আহি ভেন্টিলেটৰে পত্নীক চিপ লৈ থকা অবস্থাত প্ৰতক্ষ্য কৰে । তৎক্ষনাত পূজাক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com