টকাতকৈ পত্নী ডাঙৰ নহয়: ১ লাখ টকা যৌতুক নিদিয়াৰ বাবে জ্বলাই দিলে পত্নীক

টকাতকৈ পত্নী ডাঙৰ নহয়: ১ লাখ টকা যৌতুক নিদিয়াৰ বাবে জ্বলাই দিলে পত্নীক

হাৰিয়ানাত পুনৰ এক নৃশংস ঘটনা সংঘটিত হৈছে । যৌতুকৰ বাবে জ্বলাই দিলে পত্নীক । হাৰিয়ানাৰ মাজৰা গাঁওত এই ঘটনা সংঘটিত হৈছে । যামুনা নগৰত ৯ মাহৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল সোনম নামৰ এই মহিলা গৰাকী। বিয়াৰ পিছৰে পৰা ১ লাখ টকাৰ যৌতুকৰ দাবী কৰিছিল স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে । কিন্তু টকা খিনি দিবলৈ অসমৰ্থ হোৱাত সোনমক জ্বলাই দিয়ে পৰিয়ালৰ লোকে । তাৰ পাছতে পি জি আই হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও ৬ জুলাইত মৃত্যু হয় ।

সোনমৰ পিতৃয়ে প্ৰকাশ কৰা মতে সোনক যৌতুকৰ বাবে স্বামীৰ পৰিয়ালৰ লোকে হত্যা কৰিছে । তেওঁ কয় যে, জুনৰ ১০ তাৰিখে স্বামী আৰু ভাই শহুৰে সোনমক ঘৰত থৈ যায় আৰু লগতে কয় যে, ১ লাখ টকা হ'লেহে সোনামক পঠিয়াবলৈ ।

সোনমৰ পিতৃয়ে অলপ ধন যোগাৰ কৰি পুনৰ স্বামীৰ গৃহলৈ পঠিয়াই দিয়ে। ৫ জুলাইত সোনমে পিতৃলৈ ফোন কৰি কয় যে যদি টকাৰ যোগাৰ নহয় তাইক মাৰি পেলাব স্বামী আৰু পৰিয়ালে । ৬ জুলাইত পিতৃক খবৰ দিয়া হয় যে , তেওঁৰ জীয়েকক হস্পিতালত ভৰ্তি কৰোৱা হৈছে ।

ইতিমধ্যে জাগাধাৰি আৰক্ষী থানাত সোনমৰ দেউতাকে স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com