৬০২৮ উচ্চ ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰাৰ সংস্থাপন গুৱাহাটী মহানগৰীত

৬০২৮ উচ্চ ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰাৰ সংস্থাপন গুৱাহাটী মহানগৰীত

গুৱাহাটী মহানগৰীত যান বাহন নিয়ম উলংঘা কাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ উচ্চ ক্ষমতা সম্পন্ন আৰু উচ্চ প্ৰযুক্তিৰ লেন্সৰ ব্যৱস্থা কৰা হৈছে ।যান বাহন উলংঘাকাৰীসকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ ১৩০৪ টাৰ সহিতে প্ৰায় ৬০২৮ টা চিচিটিভি কেমেৰা স্থাপনৰ কাৰণে সকলো যাৱতীয় কাৰ্য সম্পন্ন হৈছে ।গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে মহানগৰত উচ্চ ক্ষমতা সম্পন্ন আৰু উচ্চ প্ৰযুক্তিৰ কেমেৰাত সহিতে সকলো যাৱতীয় কাৰ্য সম্পন্ন কৰিছে ।এই আঁচনিৰ কাৰণে ব্যয় হৈছে প্ৰায় ৬০৭ কোটি টকা।

মহানগৰত প্ৰবেশ কৰা সকলো ঠাইতে চিচিটিভি কেমেৰা সংস্থাপিত কৰা হ’ব । আৰু এই ক্ষেত্ৰত চৰকাৰে অনতি পলমে মঞ্জুৰী দিব। ইফালে প্ৰতিদিনে গুৱাহাটীৰ জনসংখ্যা বৃদ্ধি পাইছে। যাৰ কাৰণে যান বাহনৰ নিয়ম উলংঘন হৈছে। যাৰ কাৰণে মহানগৰীত যান বাহন উলংঘাকাৰীসকলৰ ক্ষেত্ৰত তীক্ষ দৃষ্টি ৰাখিবলৈ এক বিশেষ প্ৰণালীৰ ব্যৱস্থা কৰিছে।

এক বিশেষ সূত্ৰৰ মত অনুসৰি মহানগৰীত ৬০২৮ টা চিচিটিভি কেমেৰাই ২৪ ঘন্টাই সক্ৰিয় হৈ থাকিব। ইয়াৰ কন্ট্ৰ’ল ৰূম থাকিব পাঞ্জাবাৰীত। ইয়াত চোৱা চিতা কৰিবৰ কাৰণে ৫০ জন সদস্য থাকিব৷মহানগৰীত ৯১ টা স্থানত যান বাহন আৰক্ষীয়ে সংস্থাপিত কৰা ২৯০ টা কেমেৰাৰ ভিতৰত ১০০টাতকৈ অধিক বিকল হৈ আছে। কিছুমান কেমেৰাত আকৌ স্পষ্টতকৈ ঘটনাসমূহ আৱদ্ধ নহয়। অৱশ্যে মহানগৰীত নতুনকৈ সংস্থাপিত হোৱা ১৩০৪ টা কেমেৰা অধিক শক্তিশালী ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি কেৱল ৰেড লাইত চিগনেল উলংঘনৰ কাৰণে ৩১১ টা কেমেৰা,নম্বৰ প্লেটৰ কাৰণে ৯৯৭ টা,ট্ৰেফিক চিগনেল উলংঘন কৰাৰ কাৰণে ৮৯ টা কেমেৰাৰ ব্যবস্থা কৰিছে। ৰেড লাইট চিগনেল উলংঘন কৰাৰ কাৰণে যিকোনো ব্যক্তিৰ বিষয়ে নিয়ন্ত্ৰণ ৰূমত সম্ভেদ ওলোৱা হ’ব ৷ আৰু তদন্ত কৰা হ’ব ।এই আঁচনিখনৰ সন্দৰ্ভত প্ৰথমতেই অতিৰিক্ত মুখ্য সচিব আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগত আলোচনা কৰা হৈছে ৷

উল্লেখ্য যে গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগে চিটী বাছৰ কাৰণে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন নীতি নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যান বাহনে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু চিটী বাছসমূহৰ চলাচল সুচল হোৱাত সহায় কৰিব ৷ ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com