Begin typing your search above and press return to search.

উত্তৰ পূৱ ভাৰতৰ ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা সদস্যৰ আত্মসমৰ্পন

উত্তৰ পূৱ ভাৰতৰ ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা সদস্যৰ আত্মসমৰ্পন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jan 2020 10:44 AM GMT

উত্তৰ পূৱ ভাৰতৰ ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা সদস্যৰ আত্মসমৰ্পন । ৮ টা সহস্ত্ৰ সংগঠন আলফা ( স্বাধীন)। এন ডি এফ বি, আৰ এন এল কে, কে এল অ', চি পি আই (এম) , এন এছ এল এই, এ‌ ডি এফ আৰু এন এল এফ বিৰ ৬৪৪ জন‌ নেতা কেডাৰে আত্মসমৰ্পন কৰে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আনুষ্ঠানিক আত্মসমৰ্পন কাৰ্যসূচীত ।

এই আত্ম সমৰ্পন কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ‌‌ লগতে আন বহুতো আৰক্ষী অধীক্ষক উপস্থিত থাকে আৰু তেওঁলোকে এই পদক্ষেপটো স্বাগতম জনাই।

অনুষ্ঠানটোত ১৬৬ টা অত্যাধুনিক মাৰণাস্ত্ৰ আনুষ্ঠানিক ভাৱে জমা দিয়া হয়।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি , আলফা (স্বাধীন )ৰ ৫০ জন‌ কেডাৰ , এন ডি এফ বি (এছ)ৰ ৮ জন, ৬ জন কে এল‌ অ', ১৩ জন আৰ এন এল এফৰ, ৩০১ জন এন এল এফ বি, ৮৭ জন এন এছ এল এ , এজন চি পি আই (এম) ৰ, ১৭৮ জন এ ডি এফৰ কেডাৰৰ আত্মসমৰ্পণ এই আত্মসমৰ্পণ অনুষ্ঠানত ।

এই অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " চৰকাৰে আপোনালোকৰ সম্ভৱপৰ সকলো ধৰণৰ সহায় প্ৰদান কৰিব । মোৰ আপোনালোকলৈ এয়াই আহ্বান যে য'তেই আপোনালোকে বসৱাস কৰক বা কাম কৰে তাত শান্তিৰ বাতাবৰণ সৃষ্টি কৰক " । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ পদক্ষেপক আদৰণি জনায় ।

আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই কয় যে , আজিৰ দিনটো ৰাজ্য আৰু অসম আৰক্ষীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন । লগতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৮ টা বিদ্ৰোহী সংগঠনৰ ৬৪৪ জন নেতা কেডাৰে মাৰণাস্ত্ৰ ত্যাগ কৰে ।

এইটো মাহত এন‌ ডি এফ বি (এছ) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি স্থাপনৰ বাবে আলোচনা হৈছিল , আৰু তাৰ পিছতেই এম অ' ইউ য়ে কেন্দ্ৰ চৰকাৰ আৰু এন ডি এফ বি ( এছ) ৰ সিদ্ধান্তত হস্তাক্ষৰ প্ৰদান কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক : কৰ্তব্য পালন নকৰি আন্দোলন কৰা শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ হুংকাৰ শিক্ষামন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Deuri Magh Bihu Celebrations begin in Dhemaji

Next Story