কৰ্তব্য পালন নকৰি আন্দোলন কৰা শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ হুংকাৰ শিক্ষামন্ত্ৰীৰ

কৰ্তব্য পালন নকৰি আন্দোলন কৰা শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ হুংকাৰ শিক্ষামন্ত্ৰীৰ

কৰ্তব্য পালন নকৰি আন্দোলন কৰা শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ হুংকাৰ শিক্ষামন্ত্ৰীৰ।বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে যদিহে পাঠদান অব্যাহত কৰি প্ৰতিবাদী আন্দোলনত অংশ গ্ৰহণ কৰে তেন্তে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব । লগতে এই নিয়ম অন্য সকলো ধৰণৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব । বুধবাৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত এই মন্তব্য শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ।

এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , " আপোনালোকৰ দৰমহা জনসাধৰণৰ টেক্সৰ পৰা আহে, গতিকে জনগণৰ স্বাৰ্থ আপোনালোকৰ প্ৰধান দায়িত্ব হোৱা উচিত " । লগতে তেওঁ কয় যে, "কৰ্ম সময়ৰ পিছত আপোনালোকে যি কোনো কাম কৰাৰ ক্ষেত্ৰত আপোনালোক মুক্ত । যদি কোনো শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে তেওঁ লোকৰ কামৰ সময়ত মোক সাক্ষাৎ কৰিবলৈ আহে তেতিয়াও তেওঁলোকৰ দৰমহা কৰ্তন হ'ব । চৰকাৰৰ প্ৰত্যোক কৰ্মচাৰীয়ে তেওঁলোকৰ কৰ্তব্য পালন কৰা উচিত "।

মন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে ৰাজ্যৰ জৰ্জৰিত বিভিন্ন সমস্যাত বৌদ্ধিক চিন্তাধাৰাৰ প্ৰৱণতা কমি গৈছে । উদাহৰণ স্বৰূপে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, "আইন খন লৈ তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, আলোচনা চক্ৰ আদিৰ প্ৰয়োজন আছিল । কেৱল নাগৰিকত্ব সংশোধনী আইনে নহয় ৰাজ্যৰ আৰু বিভিন্ন সমস্যাৰ ওপৰত আলোচনাৰ প্ৰয়োজন আছিল । কিন্তু এইবোৰ নোহোৱা হৈ গ'ল । কোনো এটা বিষয়ৰ ওপৰত যদি সকলোৱে একে বিচাৰ ধাৰণা কৰি লয় তেন্তে জাতিটো বৌদ্ধিক ভাৱে ক্ষতিগ্ৰস্ত হয়" ।

এই অনুষ্ঠানৰ জৰিয়তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ আৱাসগৃহৰ ছাত্ৰ ছাত্ৰী সকললৈ জলপানি প্ৰদানৰ সিদ্ধান্ত ও গ্ৰহন কৰে । সাধাৰণতে চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ আৱাসগৃহৰ মাছুল বছৰি ১৪,০০০ টকা হয় , আৰু ইয়াৰ ৫০% মাছুল চৰকাৰে প্ৰদান কৰিব । অৰ্থাৎ ২০,০০০ ছাত্ৰ ছাত্ৰীৰ মাজত ৭০০০ টকাকৈ । লগতে এই ধনৰাশি ছাত্ৰ ছাত্ৰী সকলৰ একাউণ্টত ১০ ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে জমা কৰা হ'ব বুলি কয় শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি এই টকাৰ পৰিমাণ পৰৱৰ্তী সময়ৰ পৰা বৃদ্ধি হ'ব যেতিয়ালৈ আৱাসগৃহৰ মাছুল ৰেহাই নহয় । তদুপৰি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা চিকিৎসা মহাবিদ্যালয় আৰু ইঞ্জিনীয়াৰিং কলেজৰ আৱাসগৃহ সমূহো এই আচঁনিৰ অধীনত সামৰি লোৱাৰ চেষ্টা কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU Activists waved Black Flag at Assam Minister Pijush Hazarika’s Convoy

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com