নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসমৰ বাবে পৃথক শুনানি উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসমৰ বাবে পৃথক শুনানি উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসমৰ বাবে পৃথক শুনানি উচ্চতম ন্যায়ালয়ৰ । নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় জনসংখ্যা ৰেজিষ্টাৰৰ ওপৰত কোনো আদেশ প্ৰদান কৰাৰ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম আৰু ত্ৰিপুৰাৰ আৱেদন সমূহৰ ক্ষেত্ৰত হ'ব পৃথক শুনানি। নাগৰিকত্ব সংশোধনী আইনৰ লগত অসম জড়িত প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰক চাৰি মাহৰ সময়সীমা প্ৰদান উচ্চতম ন্যায়ালয় লগতে চাৰি সপ্তাহৰ পিছত হ'ব পূণৰ শুনানি ।

অসম আৰু ত্ৰিপুৰাৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অসমৰ সমস্যা দেশৰ বাকী ৰাজ্যতকৈ পৃথক কিয়নো এই আইনৰ প্ৰথম ভিত্তি বৰ্ষ আছিল ১৯৭১ চনৰ ২৪ মাৰ্চ । আনহাতে নতুন নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তি বৰ্ষ ২০১৪ চনৰ ৩১ ডিচেম্বৰ। সেইবাবে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাব পৰা অন্য আৱেদন সমূহৰ পৰা পৃথক অসম সম্বন্ধীয় আৱেদনৰ পৃথক শুনানি হব‌ উচ্চতম ন্যায়ালয়ত ।

তদুপৰি নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোৰ পৰা উচ্চ ন্যায়ালয়ক আঁতৰাই ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

অধিবক্তা কপিল সীবালে আপীল কৰে যে সমগ্ৰ বিষয়টো সাংবিধানিক বিচাৰপীঠক অৰ্পন কৰিব লাগে । উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰক্ৰিয়া আৰম্ভণিৰে পৰা চলি আছে ফলত ইয়াক তিনি মাহৰ বাবে স্থগিত কৰিব লাগে । কিন্তু উচ্চতম ন্যায়ালয়ে এই আপীল অস্বীকাৰ কৰে।

বিশিষ্ট অধিবক্তা এ‌ এম সিংঘবীয়ে কয় যে উত্তৰ প্ৰদেশৰ চৰকাৰে নতুন আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিবলৈ ৪০,০০০ ব্যক্তিক চিনাক্ত কৰিছিল, আৰু যদিহে এই আইন বাতিল হয় তেন্তে এয়া এক অ গ্ৰহনযোগ্য প্ৰক্ৰিয়া হ'ব ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত ১৪১ খন আৱেদন দাখিল কৰা হৈছে । ন্যায়ালয়ে জনোৱা অনুসৰি ইয়াৰ ভিতৰত ৬০ খন আৱেদন অধ্যয়ন কৰা হৈছে আৰু বাকী খিনি পৰীক্ষা কৰিবলৈ সময়ৰ অৱশ্যক । গতিকে সকলো আৱেদন পৰীক্ষা নকৰাকৈ কোনো ধৰণৰ স্থগিতাদেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ।

আগলৈ এই বিষয়টোৰ শুনানিৰ বাবে বহু কেইটা প্ৰক্ৰিয়া থাকিব। ইয়াত মুখ্য ন্যায়াধীশৰ চেম্বাৰ চিনাক্ত কৰা হৈছে।তদুপৰি চেম্বাৰত হোৱা শুনানিত এটা গোচৰত এজন অধিবক্তাই হে সুবিধা পাব।

সেইদৰে নাগৰিকত্ব সংশোধনী আইনৰ সাপেক্ষে ও দাখিল কৰা হৈছিল আৱেদন আৰু এখন আৱেদন দাখিল কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU Activists waved Black Flag at Assam Minister Pijush Hazarika’s Convoy

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com