Begin typing your search above and press return to search.

এখন ৰাষ্ট্ৰ , এখন ৰেচন কাৰ্ড আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হ'ব

এখন ৰাষ্ট্ৰ , এখন ৰেচন কাৰ্ড আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2020 1:03 PM GMT

এখন ৰাষ্ট্ৰ , এখন ৰেচন কাৰ্ড আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হ'ব । ভাৰত চৰকাৰৰ খাদ্য আৰু সাৰ্বজনিক বিতৰণৰ মন্ত্ৰী ৰাম বিলাচ পাচৱানে ঘোষনা কৰে যে এখন ৰাষ্ট্ৰ , এখন ৰেচন কাৰ্ড আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হ'ব ।

চলিত বৰ্ষৰ ১ জানুৱাৰী তাৰিখে ৰাম বিলাচ পাচৱানে কৈছিল যে এই আচঁনি ইতিমধ্যে ১২ খন ৰাজ্যত চলি আছে। এই আচঁনি প্ৰয়োগ হোৱা ৰাজ্য সমূহৰ ভিতৰত হ'ল অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা , কৰ্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ , মহাৰাষ্ট্ৰ , ৰাজস্থান, তামিলনাডু, ত্ৰিপুৰা, ঝাৰখণ্ড , গুজৰাট আদি । লগতে তেওঁ কয় যে দেশৰ কোনো এটা প্ৰান্তে থাকি লাভাৰ্থীয়ে এই ৰেচন কাৰ্ডৰ পৰা ৰেচন লাভ কৰিব পাৰে। এই আচঁনিৰ দ্বাৰা প্ৰায় ৮১ কোটি লোক লাভৱান হ'ব।

সংবাদ মাধ্যমৰ লগত আগত ৰাম বিলাচ পাচৱানে কয় যে , "আমি ১ জুন তাৰিখে এখন ৰাষ্ট্ৰ , এখন ৰেচন কাৰ্ড আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী কৰিম । এই আচঁনিৰ অধীনত এজন লাভাৰ্থীয়ে এখন ৰেচন কাৰ্ড ব্যৱহাৰ কৰিয়েই দেশৰ সকলো সুবিধা লাভ কৰিব পাৰিব "।

অন্য খবৰৰ বাবে পঢ়ক : ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা

ভিডিঅ প্ৰতক্ষ্য কৰক: ‘Punya Dham Yatra’ flagged off at Kamakhya Railway Station

Next Story
চাকৰি