Begin typing your search above and press return to search.

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2020 7:16 AM GMT

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা । সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হ'ল জ্যেষ্ঠ নেতা জে পি নাড্ডা । অমিত শ্বাহৰ শাসনৰ অন্তৰ পিছতেই সোমবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত এই ঘোষনা কৰা হয় । ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জে পি নাড্ডা সৰ্বসন্মতিক্ৰমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয় ।

বিশ্বৰ সবাতোকৈ বৃহৎ দলটোৱে ২০ জানুৱাৰী তাৰিখে দলৰ নতুন সভাপতি নিৰ্বাচন কৰে, কিয়নো এই দিনটো 'একাদশী' আৰু হিন্দু ধৰ্ম অনুসৰি এই দিনটো শুভ ।

জে পি নাড্ডাৰ এই মনোনোয়নত সমৰ্থন প্ৰস্তাৱ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিকে ধৰি আন বহু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ।

তাৰ পিছতেই বিজেপি নিৰ্বাচন অধিকাৰী ৰাধা মোহন সিং সংবাদ মাধ্যমৰ আগত কয় যে , ' মই জে পি নাড্ডাক বিজেপিৰ নতুন সভাপতি হিচাপে ঘোষণা কৰিলো " ।

লগে লগেই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জে পি নাড্ডাক শুভেচ্ছা জ্ঞাপন কৰা দেখা যায়।

বিজেপিৰ সভাপতি পদৰ বাবে মনোনয়ন প্ৰক্ৰিয়া পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ চলা দেখা যায় । তাৰ পিছতেই জে পি‌ নাড্ডা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয় ।

দলৰ সংবিধানে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে কমেও ৫০ শতাংশ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন সম্পন্ন কৰাৰ আদেশ দিয়ে । বিগত কেইটামান দিনত বিজেপিয়ে পশ্চিম বংগ আৰু নাগালেণ্ডৰ লগতে আন কিছুমান ৰাজ্যত সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া অতি বিস্তৃত আৰু ই দলৰ সংবিধানক বিস্তৃত ভাৱে বৰ্ণনা কৰে । য'ত কোৱা হৈছে যে ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন এক নিৰ্বাচক মণ্ডলীৰ দ্বাৰা হ'ব য'ত ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাজ্য পৰিষদৰ সদস্য ও অন্তৰ্ভুক্ত থাকিব ।

নতুনকৈ নিৰ্বাচিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অমিত শ্বাহ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আদিকে ধৰি দলৰ বিভিন্ন জনে অভিনন্দন জ্ঞাপন কৰে । টুইটাৰত যোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ," নাড্ডাজী এগৰাকী উৎসৰ্গিত আৰু শৃংখলিত কাৰ্যকৰ্তা । যিয়ে বছৰ বছৰ ধৰি দলৰ তৃণমূল পৰ্যায়ক শক্তিশালী কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেওঁৰ নেতৃত্বত বিজেপিয়ে নতুন শিখৰলৈ ধাৱিত হ'ব " ।

উল্লেখযোগ্য যে দলৰ একাদশ সভাপতি হিচাপে জে পি‌ নাড্ডাই তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : পৰীক্ষা পে চৰ্চা: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ মতবিনিময়

ভিডিঅ প্ৰতক্ষ্য কৰক: ‘Punya Dham Yatra’ flagged off at Kamakhya Railway Station

Next Story
চাকৰি