Begin typing your search above and press return to search.

পৰীক্ষা পে চৰ্চা: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ মতবিনিময়

পৰীক্ষা পে চৰ্চা: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ মতবিনিময়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2020 6:01 AM GMT

পৰীক্ষা পে চৰ্চা: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ মতবিনিময় । সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ তালকাট'ৰা ষ্টেডিয়ামত 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে মতবিনিময় কৰে । ৯০ মিনিটতকৈ অধিক সময়জোৰা এই মতবিনিময় কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন বিষয়ৰ গুৰুত্ব সম্পৰ্কে প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনা কৰে। এই অনুষ্ঠানত ভাৰতৰ ছাত্ৰ ছাত্ৰী আৰু বিদেশত বাস কৰা ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। লগতে প্ৰায় ৫০ জন দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৰ্থতা আঁতৰাই শিক্ষাৰ্থী সকলক জীৱনত আগুৱাই যোৱাৰ মন্ত্ৰ প্ৰদান কৰে । অনুষ্ঠানৰ প্ৰথমতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰী সকলক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । এই দশকৰ গুৰুত্ব বাখ্যা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চলিত দশকৰ আশা আকাংক্ষা ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত নিৰ্ভৰশীল যি সকলে নিজৰ স্কুলীয়া শিক্ষাৰ অন্তিম বৰ্ষত আছে ।

লগতে তেওঁ কয় যে, যি সকল ল'ৰা ছোৱালীয়ে দশম, একাদশ, আৰু দ্বাদশ শ্ৰেণীত আছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে এই দশকত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। দেশৰ উন্নতি , আশা আদি সকলো এই ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত নিৰ্ভৰশীল।

তদুপৰি এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন পৰামৰ্শ আৰু ৰসিকতাৰে ছাত্ৰ জীৱনৰ লক্ষ্যৰ কথাও উল্লেখ কৰে। লগতে ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, " প্ৰধান মন্ত্ৰী হিচাপে ব্যক্তিয়ে বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ সুবিধা লাভ কৰে । এনে ধৰণৰ অনুষ্ঠানৰ পৰা ব্যক্তিয়ে বহু কথা শিকাৰ সুবিধা লাভ কৰে । প্ৰতিটো অনুষ্ঠানে এক নতুন অভিজ্ঞতা প্ৰদান কৰে । কিন্তু কোনোবাই যদি মোক হৃদয়স্পৰ্শী অনুষ্ঠানৰ বিষয়ে প্ৰশ্ন কৰে তেন্তে সেয়া মই 'পৰীক্ষা পে চৰ্চা' বুলি কম " ।

তদুপৰি ছাত্ৰ ছাত্ৰী সকলক তেওঁ আত্ম সংযমত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। সফলতা আৰু ব্যৰ্থতাৰ প্ৰসংগত তেওঁ চন্দ্ৰযান ২ ৰ অভিজ্ঞতা প্ৰকাশ কৰে । তেওঁ কয় যে ব্যৰ্থতাই হৈছে সফলতাৰ সঁচাৰকাঠী ।

পৰীক্ষাৰ নম্বৰত জীৱন নচলে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে " পৰীক্ষাত পোৱা নম্বৰ কেতিয়াও সফলতাৰ মাপকাঠি হ'ব নোৱাৰে। ভাল নম্বৰ নাপালে জীৱন শেষ হৈ যোৱা বুলি ভবাৰ কাৰণ নাই "।

এই অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীৰ অধিকাৰ সম্পৰ্কে কৰা প্ৰশ্নত কয় যে ব্যক্তিৰ অধিকাৰ আৰু কৰ্তব্য তেওঁৰ কামত নিহিত হৈ থাকে ।

ছাত্ৰ ছাত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষক আৰু অভিভাৱক সকলকো বিভিন্ন পৰামৰ্শ আগবঢ়ায় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : কা- বাতিল নোহোৱা পৰ্যন্ত অসমৰ জনতাই বিশ্ৰাম নকৰে: সমুজ্জ্বল ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Vivekanada Civil Service Academy inaugurated on Monday in Guwahati

Next Story
চাকৰি