কা- বাতিল নোহোৱা পৰ্যন্ত অসমৰ জনতাই বিশ্ৰাম নকৰে: সমুজ্জ্বল ভট্টাচাৰ্য

কা- বাতিল নোহোৱা পৰ্যন্ত অসমৰ জনতাই বিশ্ৰাম নকৰে: সমুজ্জ্বল ভট্টাচাৰ্য

কা- বাতিল নোহোৱা পৰ্যন্ত অসমৰ জনতাই বিশ্ৰাম নকৰে: সমুজ্জ্বল ভট্টাচাৰ্য। কোনোপধ্যেই অসমৰ জনতাই নাগৰিকত্ব সংশোধনী আইন মানি লবলৈ সাজু নহয় । তীব্ৰ গতিত এতিয়াও অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে দৰং জিলা ছাত্ৰ সন্থা আৰু শিল্পী সমাজৰ উদ্যেগত সোমবাৰে মঙলদৈৰ ভেবাৰঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

'গণহুংকাৰ' নামৰ প্ৰতিবাদী কাৰ্যসূচীত শতাধিক জনতা, শিল্পী সমাজ, বিশিষ্ট নাগৰিক আদিয়ে অংশ গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জনে ব্যক্তি যেনে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমা, আছুৰ কাৰ্যনিবাহক সদস্য উৎপল কুমাৰ শৰ্মা , শিল্পী বাবু, অজয় ফুকন, নেকিবৰ লগতে আন বহুতেই ব্যক্তব্য প্ৰমান কৰে ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে নাগৰিকত্ব সংশোধনী আইন‌ বাতিল হ'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজা বুজি নহয় । তেওঁ কয় যে, "যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নহয় তেতিয়ালৈকে অসমৰ জনতাই বিশ্ৰাম নকৰে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁলোকে গণতান্ত্ৰিক আন্দোলনক সন্মান কৰে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁ গণতান্ত্ৰিক বিৰোধক সন্মান কৰে । যদি এনেকুৱায়ে হয় , তেন্তে তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সন্মান জনাই নাগৰিকত্ব সংশোধনী আইন‌ বাতিল কৰিব লাগে " । লগতে তেওঁ কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে অসমৰ জনতাক বুজোৱাৰ ক্ষেত্ৰত অসফল হৈছে আৰু শান্তি সমদলৰ নামত তেওঁলোকে ভুল বাখ্যা দাঙি ধৰিছে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ও বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে লগতে বিজেপিয়ে অসম বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী নীতি, আৰু ধৰ্মৰ নামত জনতাৰ মাজত বিভাজন অনাৰ চেষ্টা কৰা বুলি কয় ।

প্ৰতিবাদ কাৰী সকলে আইন খনৰ বিৰোধিতা কৰি বিভিন্ন প্লেকাৰ্ড , চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল মুখৰ কৰি তোলে।

এই সভাত আছুৰ কাৰ্যনিৰ্বাহ সদস্য উৎপল কুমাৰ শৰ্মাইও তেওঁৰ ভাষনৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে ।

শতাধিক লোক উপস্থিত থকা এই সমাবেশত ভাষন প্ৰদান কৰি শিল্পী সকলে কয় যে বিগত ডেৰ মাহে ধৰি শিল্পী সকল কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত নামি পৰিছে । এই সমাবেশত শিল্পী সকলে গীতো পৰিবেশন কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Vivekanada Civil Service Academy inaugurated on Monday in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com