Begin typing your search above and press return to search.

ভাৰতবৰ্ষ এখন হিন্দুৰ ৰাষ্ট্ৰ : আৰ এছ এছ ৰ প্ৰধান মোহন ভাগৱত

ভাৰতবৰ্ষ এখন হিন্দুৰ ৰাষ্ট্ৰ : আৰ এছ এছ ৰ প্ৰধান মোহন ভাগৱত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2020 10:02 AM GMT

ভাৰতবৰ্ষ এখন হিন্দুৰ ৰাষ্ট্ৰ : আৰ এছ এছ ৰ প্ৰধান মোহন ভাগৱত । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ ৰ অধ্যক্ষ মোহন ভাগৱতে ৰবিবাৰে কয় যে যেতিয়া আৰ এছ এছৰ ৰ কাৰ্যকৰ্তা সকলে কয় এয়া হিন্দুৰ ৰাষ্ট্ৰ, তাৰ অৰ্থ হ'ল দেশত ১৩০ কোটি হিন্দু লোক আছে ।

সকলোৱে হিন্দু বুলি কৈ আমি কাৰোৱে ধৰ্ম, ভাষা , জাতি বৰ্ণ পৰিবৰ্তন হোৱাতো নিবিচাৰোঁ। আমি সংবিধানৰ বাহিৰে আন কোনো শক্তি কেন্দ্ৰ নিবিচাৰো কিয়নো সংবিধানৰ ওপৰত আমাৰ বিশ্বাস আছে। হিন্দুত্ব এক সামগ্ৰিক বিচাৰ আৰু আমি বিশ্বাস কৰো যে পূৰ্বজ সকলোৱে হিন্দু । এয়া বৈচিত্ৰ একতা আৰু সংবেদনশীল অখণ্ডতাৰ দ্বাৰা চিহ্নিত। আৰ এছ এছ ৰ অধ্যক্ষ মোহন ভাগৱতে এই কথা ব্যক্ত কৰে ৰবিবাৰে বৰেলীত অনুষ্ঠিত এক সমাৰোহত ।

ভাগৱতে কয় যে দেশ সংবিধান দ্বাৰা পৰিচালিত হৈছিল যাৰ দ্বাৰা ৰাষ্ট্ৰৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হয় । যদি আপুনি সংবিধান খন অধ্যয়ন কৰে তেন্তে আপুনি অনুভৱ কৰিব পাৰিব যে প্ৰতিটো পৃষ্ঠাই দেশৰ বাবে প্ৰেৰণা । সংবিধানে আমাৰ আৰাম্ভণি আৰু লক্ষ্যৰ বিষয়ে কয় ।

লগতে তেওঁ কয় যে আমি ইজৰাইলৰ পৰা শিকাৰ প্ৰয়োজন আছে যি নিজৰ স্বাধীনতাৰ বাবে যুঁজিছে আৰু আজি বিশ্বৰ শীৰ্ষ স্থানীয় এখন দেশ।

অন্য খবৰৰ বাবে পঢ়ক : দিছপুৰে কিয় এতিয়ালৈ খিলঞ্জীয়া মুছলমান সকলক পৰিচয় দিয়া নাই ?

ভিডিঅ প্ৰতক্ষ্য কৰক: Morigaon MLA Rama Kanta Deuri’s escort vehicle hit an E-Rickshaw, one seriously injured.

Next Story
চাকৰি