দিছপুৰে কিয় এতিয়ালৈ খিলঞ্জীয়া মুছলমান সকলক পৰিচয় দিয়া নাই ?

দিছপুৰে কিয় এতিয়ালৈ খিলঞ্জীয়া মুছলমান সকলক পৰিচয় দিয়া নাই ?

দিছপুৰে কিয় এতিয়ালৈ খিলঞ্জীয়া মুছলমান সকলক পৰিচয় দিয়া নাই ? অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ নিজস্ব পৰিচয় আৰু পৃথক ইতিহাস থকাৰ পিছতো অসমৰ খিলঞ্জীয়া মুছলমান সকলে বিদেশী মুছলমান সকলৰ হাতত নিজক হেৰুৱাই পেলোৱাৰ ক্ষেত্ৰত শংকিত হৈছে ।

২০১১ চনৰ জনগণনাৰ নিয়ম অনুসৰি অসমত মুছলমান ( খিলঞ্জীয়া মুছলমান লোকক সামৰি ) লোকৰ সংখ্যা আছিল ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৩৪.২% । ইয়াত মূল প্ৰশ্ন হ'ল যে , ৰাজ্যৰ মুছলিম জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া মুছলমান লোক কিমান শতাংশ ? অসমত গৰিয়া, মৰিয়া , দেশী , জালাহ , মৈমল আৰু আন খিলঞ্জীয়া মুছলমান লোক আছে ।

এই সমস্যাটোৰ ওপৰত অধিবক্তা নেকিবুৰ জামানে দ্যা চেন্টিনেলৰ আগত কয় যে, ৰাজ্যৰ খিলঞ্জীয়া মুছলমান লোক সকলে ভাৱে যে বিদেশী মুছলমান সকল তেওঁলোকৰ বাবে ভাবুকি আনিব যি সকল স্হানীয় সকলৰ গননাৰ বাহিৰত । আমি নিজক কেনেদৰে অসমৰ খিলঞ্জীয়া মুছলমান বুলি চিনাক্ত কৰিম ?

তেওঁ কয় যে আমাৰ ওচৰত এনে কোনো বোৰ্ড নাই যিয়ে আমাক চিনাক্ত কৰাব পাৰিব । অন্য জনগোষ্ঠী সমূহ যেনে SC ,St ,OBC আৰু আন শ্ৰেণীৰ লোক সকলৰ মাজত বোৰ্ড আছে যিয়ে তেওঁলোকৰ প্ৰমান পত্ৰ জাৰি কৰিব পাৰে। ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি ২০০৬ চনত অসমত খিলঞ্জীয়া মুছলমান সকলৰ এক সমীক্ষাৰ দাবী উত্থাপন কৰিছো । কিন্তু এতিয়ালৈকে এই দাবীৰ ওপৰত দিছপুৰত কোনো চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমান সময়ত এনেধৰণৰ সমীক্ষা অতি প্ৰয়োজন । তথ্যৰ সহায়ত বিদেশী মুছলমান লোক সকল চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । আনহাতে প্ৰায় ১.৫০ লাখ খিলঞ্জীয়া মুছলমান তথ্যৰ অভাৱত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ অসফল হয় ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সময়ত গ্ৰহন কৰা তথ্য সমূহ ভিত্তি বৰ্ষৰ ওপৰত আধাৰিত। যদি ৰাজ্যৰ খিলঞ্জীয়া লোকক ভিত্তি বৰ্ষৰ হিচাপত নিৰ্ধাৰিত কৰা হয় তেন্তে বৃহৎ সংখ্যক বিদেশী লোকে খিলঞ্জীয়াৰ মৰ্যদা লাভ কৰে । যদি কোনো সংজ্ঞাৰ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণ কৰা হয় তেন্তে এনেধৰণৰ খিলঞ্জীয়াৰ সমস্যা দুৰ হব । নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমত খিলঞ্জীয়া মুছলমানৰ সমীক্ষা হ'ব আৰু তেওঁলোকক ৰাজ্যৰ জাতীয় সমূদায়ৰ মৰ্যদা প্ৰদান কৰিব । কিন্তু এয়া এতিয়াও বাস্তৱায়িত হোৱা নাই।

অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল অৱালে কয় যে , " ব'ৰ্ডৰ অধ্যক্ষ হিচাপে মই ৰাজ্যৰ খিলঞ্জীয়া মুছলমানৰ সমীক্ষাৰ বাবে পদক্ষেপ গ্ৰহন কৰিম । ইয়াত কিছুমান বাধা আছে যিবোৰ ব'ৰ্ডে দূৰ কৰিব নোৱাৰে । মই ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সংস্থা সমূহৰ লগত বৈঠক কৰিছো । তেওঁলোক সকলোৱে এক সমীক্ষাৰ মাধ্যমত পৰিচয় হোৱাতো বিচৰে " ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com