Begin typing your search above and press return to search.

 ২০২৬ চনলৈ অসমত ১,০০০ চিকিৎসকৰ নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ

 ২০২৬ চনলৈ অসমত ১,০০০ চিকিৎসকৰ নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2020 7:31 AM GMT

২০২৬ চনলৈ অসমত ১,০০০ চিকিৎসকৰ নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ। ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ আছে জনসংখ্যা। জনসংখ্যাৰ বৃদ্ধি হৈ থকা এই অসমত প্ৰতি বছৰে ১০০০ তকৈ অধিক চিকিৎসকৰ অৱশ্যক হয় । এই পৰিস্থিতিত চিকিৎসকৰ প্ৰয়োজন পুৰণ কৰিবৰ বাবে ৰাজ্যত প্ৰতি দহ বছৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ আৱশ্যক । কিন্তু অসমৰ ক্ষেত্ৰত ২০০৯ বৰ্ষত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্হাপনৰ সময়লৈ প্ৰায় ৪০ বছৰত এখনো চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল । ২০০৯ বৰ্ষত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পিছত কংগ্ৰেছৰ শাসন কালত তেজপুৰ আৰু বৰপেটাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰে ।

যি নহওক তিনিখন চিকিৎসা মহাবিদ্যালয় যোৰহাট, বৰপেটা, আৰু তেজপুৰৰ পৰা শিক্ষাৰ্থীসকলৰ প্ৰথম বেটচ ওলোৱাৰ পিছতহে চিকিৎসা মহাবিদ্যালয় কেইখন কিছু উন্নত হয় । ২০২০ চনৰ পৰা অসমত প্ৰতি বছৰে ৭০০ জন চিকিৎসক তৈয়াৰ কৰাৰ আশা ৰাখিছে , যি চিকিৎসক ৰোগীৰ অনুপাতে বিশ্ব স্বাস্থ্য সংস্থাৰ চৰ্ত পূৰন কৰাৰ বাবে যথেষ্ট নহয় । অসমত বৰ্তমান সময়ত ১০,০০০ ব্যক্তিৰ বিপৰীতে তিনিৰ পৰা পাঁচ জন চিকিৎসক আছে যি বিশ্ব স্বাস্থ্য সংস্থাৰ ১:১০০০ অনুপাতৰ বিৰোধী।

ৰাজ্যৰ দুৰ্বল স্বাস্থ্য সেৱাই হৈছে প্ৰধান কাৰণ ৰাজ্যত হৈ থকা চিকিৎসকৰ অভাৱৰ । যদি চিকিৎসকৰ অভাৱ এটা কাৰণ হয় তেন্তে গ্ৰামীণ অঞ্চলত কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অনিচ্ছা ও আন এটা কাৰণ । সেইবাবে অসম চৰকাৰে ৰাজ্যৰ অধিকাংশ জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চিকিৎসকৰ এক বৃহৎ গোট তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা অনুসৰি চিকিৎসক সকলক এক পৰ্যাপ্ত সময়ত গ্ৰামীণ অঞ্চলত কাম কৰাৰ বাবে বাধ্য কৰোৱা হ'ব । লগতে কয় যে কাৰ্বি আংলঙৰ ডিফুত ইতিমধ্যে এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে । তদুপৰি চৰকাৰে নগাঁও, লখিমপুৰ, আৰু ধুবুৰীত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে।

তদুপৰি স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা অনুসৰি ২০২৫ আৰু ২০২৬ চনৰ ভিতৰত চাৰিখন আৰু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক বনোৱাৰ আশা কৰিছে । তেতিয়া হলে ৰাজ্যত ২০২৬ চনলৈ ১০০০ তকৈ অধিক চিকিৎসক হ'ব আৰু এনেদৰে চিকিৎসকৰ অৱশ্যক লাহে লাহে দূৰ হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : মাতৃ সকলৰ অংশগ্ৰহণে জনতাৰ জয় সুনিশ্চিত কৰিব : সমুজ্জ্বল ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Morigaon MLA Rama Kanta Deuri’s escort vehicle hit an E-Rickshaw, one seriously injured.

Next Story
চাকৰি