Begin typing your search above and press return to search.

ছলমান খানৰ নতুন ছবি ৰাধেৰ ২০ মিনিট হ'ব বিশেষ, কি আছে ছবি খনত

ছলমান খানৰ নতুন ছবি ৰাধেৰ ২০ মিনিট হব বিশেষ, কি আছে ছবি খনত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2020 1:25 PM GMT

ছলমান খানৰ নতুন ছবি ৰাধেৰ ২০ মিনিট হ'ব বিশেষ, কি আছে ছবি খনত ?ভাৰত আৰু দবং ৩ ৰ পিছত আহি আছে ছলমান খানৰ নতুন ছবি ৰাধে: য়াৰে মোষ্ট ৱান্টেড ভাই । এই ছবিখন মুক্তি তৰ বাবে ভাইজান ছলমান খানৰ অনুৰাগী সকলে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । ছলমান খানে বিগত বৰ্ষতে ই তেওঁৰ আহিবলগীয়া ছবি খনৰ ঘোষনা কৰিছিল । জানিব পৰা মতে আহিবলগীয়া এই ছবিখনত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব দীছা পাটনীয়ে । এই ছবি খনক লৈ দীছা পাটনীকো অত্যন্ত সুখী দেখা গৈছে। জানিব পৰা মতে এই ছবি খনৰ ক্লাইমেক্স চলমান খানে বিশেষ বনাব বিচাৰিছে। ইয়াৰ বাবে ৭.৫০ কোটি টকাৰ খৰচ কৰিব বুলি জানিব পৰা গৈছে।

https://www.instagram.com/p/B4t0-4ABsEN/?utm_source=ig_web_copy_link

তথ্য অনুসৰি জানিব পৰা মতে ছলমান খানৰ আহিবলগীয়া ছবি ৰাধেত ক্লাইমেক্সৰ অংশটো গ্ৰাফিক্সৰ ব্যৱহাৰ কৰি শ্বুটিং কৰিব । এই অংশটো প্ৰায় ২০ মিনিটৰ হ'ব । ছবি খনৰ এই অংশটিত থাকিব জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা আৰু ভাইজান খ্যাত ছলমান খান। ছবি খনৰ এই বিশেষ অংশটি ক্ৰোমাৰ ব্যৱহাৰ কৰি কৰা যাব ।

উল্লেখযোগ্য যে ক্ৰোমাৰ ব্যৱহাৰ বাহুৱলী আৰু বাহুৱলী ২ ৰ শ্বুটিং সম্পন্ন হৈছিল। এই টেকনলজি অত্যন্ত খৰচী । এই টেকনলজি বিশেষকৈ চীনৰ ছবিত দেখা যায় । এই শ্বুটৰ সময়ত যি লাইট ব্যৱহাৰ কৰা হ'ব সেয়াও হয় অত্যন্ত খৰচী ।

জানিব পৰা মতে এই ছবি খনৰ অন্তিম অংশটো শ্বুটিং কৰা হ'ব ডুবাইত । তদুপৰি ছবি খনৰ বেছি ভাগ শ্বুটিং সম্পন্ন কৰা হব দিল্লী, কলকতা, আৰু লক্ষ্ণৌত। এই ছবিখনৰ নিৰ্দেশনা কৰিব প্ৰভু দেবাই । ছলমানে কয় যে এই ছবি খনৰ ক্লাইমেক্সে দৰ্শকক ছবি খনৰ প্ৰতি আকৰ্ষিত কৰিব ।

উল্লেখযোগ্য যে আহিবলগীয়া ছবি ৰাধেত ছলমান খানৰ লগত থাকিব জেকি শ্ৰফ , ৰণদ্বীপ হুদা আৰু দীছা পাটনী । অভিনেত্ৰী দীছা পাটনীয়ে ইয়াৰ আগতে ছলমান খানৰ লগত ভাৰত নামৰ ছবি খনত অভিনয় কৰিছিল । ছবি খন সন্দৰ্ভত দীছা পাটনীয়ে কয় যে তেওঁ কেতিয়াও ভৱা নাছিল যে তেওঁ আকৌ এবাৰ ছলমান খানৰ লগত কাম কৰিবলৈ সুযোগ লাভ কৰিব ।

দীছা পাটনী বৰ্তমান সময়ত তেওঁৰ আহিবলগীয়া ছবি মলংগৰ কামত ব্যস্ত হৈ থকা দেখা যায়। এই ছবি খন ২০২০ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। মলংগত দীছা পাটনীৰ সৈতে থাকিব আদিত্য কাপুৰ ।

তদুপৰি ছলমান খান হ'ল সকলোৰে প্ৰিয় । তেওঁৰ বিভিন্ন ছবিত কাম কৰি দৰ্শকৰ হৃদয় জয় কৰিছে । ছলমান খানৰ অনুৰাগীয়ে অপেক্ষা কৰি আছে আহিবলগীয়া ছবি ৰাধেৰ বাবে ।

অন্য খবৰৰ বাবে পঢ়ক : নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ মেন ভাৰ্চেছ ৱাইল্ডত দেখা যাব ছুপাৰ ষ্টাৰ ৰজনীকান্তক

ভিডিঅ প্ৰতক্ষ্য কৰক : Chief Minister Sarbananda Sonowal attends 8th ‘Bhaona Samaroh’ in Majuli

Next Story
চাকৰি