Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ মেন ভাৰ্চেছ ৱাইল্ডত দেখা যাব ছুপাৰ ষ্টাৰ ৰজনীকান্তক

নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ মেন ভাৰ্চেছ ৱাইল্ডত দেখা যাব ছুপাৰ ষ্টাৰ ৰজনীকান্তক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2020 11:35 AM GMT

নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ মেন ভাৰ্চেছ ৱাইল্ডত দেখা যাব ছুপাৰ ষ্টাৰ ৰজনীকান্তক । কিছুদিন পূৰ্বে মেন ভাৰ্চচ ৱাইল্ডত বিয়েৰ গ্ৰীলছৰ লগত দেখা গৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক । প্ৰধান মন্ত্ৰীৰ পিছত এইবাৰ মেন ভাৰ্চেচ ৱাইল্ডত দেখা যাব ছুপাৰ ষ্টাৰ ৰজনীকান্তক । আহিবলগীয়া মেন ভাৰ্চচ ৱাইল্ডৰ এই খণ্ডটিৰ শ্বুটিং সম্পন্ন কৰা হ'ব কৰ্ণাটকৰ বান্দীপুৰ নেচনেল পাৰ্কত।

ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত বিয়েৰ গ্ৰীলছে এক শ্বুটিং সম্পন্ন কৰিছিল । যি খণ্ডটি সকলোৱে যথেষ্ট পৰিমাণে ভাল পাইছিল। প্ৰধান মন্ত্ৰীৰ সৈতে থকা খণ্ডটি বিশ্বৰ ১৮০ খন দেশত প্ৰচাৰ কৰা হৈছিল।

এইবাৰ প্ৰচাৰ হ'ব লগীয়া খণ্ডটোত ও ছুপাৰ ষ্টাৰ ৰজনীকান্তক অৰণ্যৰ মাজত দেখা যাব । কেনেদৰে অৰণ্যৰ মাজত নিজৰ যত্ন ল'ব পাৰি বা অৰণ্যৰ পৰিস্থিতি সম্পূৰ্কে সম্ভৱত এই খণ্ডটিত দেখুওৱা হ'ব ।

জানিব পৰা মতে ছুপাৰ ষ্টাৰ ৰজনীকান্ত , বিয়েৰ গ্ৰীলচৰ লগত কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত উপস্থিত হৈ তাত মেন ভাৰ্চেচ ৱাইল্ডৰ শ্বুটিং কৰি আছে । এই খবৰ পাই ৰজনীকান্তৰ অনুৰাগী সকল যথেষ্ঠ সুখী । টুইটাৰত বিভিন্ন জনে বিভিন্ন মন্তব্যৰে‌ তেওঁ লোকৰ আনন্দ ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিয়েৰ গ্ৰীলছৰ অৰণ্যৰ মাজৰ খণ্ডটিত বিয়েৰ গ্ৰীলছে বাঘৰ দ্বাৰা হ'ব পৰা আক্ৰমণৰ পৰা বাচিবলৈ তেওঁৰ হাতত অস্ত্ৰ দিয়ে । কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ কাৰো জীৱন ল'ব নোৱাৰে । এই খণ্ডটিত বিয়েৰ গ্ৰীলছ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আলোচনা কৰা দেখা যায় । বিয়েৰ গ্ৰীলছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বচ্ছতাৰ ওপৰত প্ৰশ্ন কৰাত প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে কোনো বাহিৰৰ লোকে ভাৰতক স্বচ্ছ কৰিব নোৱাৰে, স্বচ্ছতা কেৱল ভাৰতৰ জনসাধৰণৰ দ্বাৰাহে সম্ভৱ । লগতে তেওঁ কয় যে" নিজৰ স্বচ্ছতা ভাৰতৰ সংস্কৃতিৰ এক অংশ । আমি সামাজিক স্বচ্ছতা বিকাশ কৰাটো প্ৰয়োজন। মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ওপৰত বহুত কাম কৰিছিল আৰু এতিয়া আমি যথেষ্ট সফলতা লাভ কৰি আছো । মই বিশ্বাস কৰো যে ভাৰতবৰ্ষ বহু সোনকালেই সফলতা লাভ কৰিব" ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিয়েৰ গ্ৰীলছৰ, মেন ভাৰ্চেচ ৱাইল্ডত প্ৰকাশ পোৱা খণ্ডটি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। ছুপাৰ ষ্টাৰ ৰজনীকান্তো সকলোৰে প্ৰিয় । ছুপাৰ ষ্টাৰ ৰজনীকান্তে বিভিন্ন জনপ্ৰিয় ছবিৰে দৰ্শকৰ মাজত এক উচ্চ স্থান লাভ কৰিছে । তামিল ছবিৰ লগতে বহু হিন্দী ছবিতো অভিনয় কৰিছে ছুপাৰ ষ্টাৰ ৰজনীকান্তে ।

অন্য খবৰৰ বাবে পঢ়ক : ছপাকৰ পিছত আন এখন ছবিত প্ৰয়োজনা কৰিব অভিনেত্ৰী দীপিকা পাডুকনে

ভিডিঅ প্ৰতক্ষ্য কৰক : Bodo Leaders Welcomed at LGBI Airport in Guwahati after signing of Peace Accord

Next Story
চাকৰি