ছপাকৰ পিছত আন এখন ছবিত প্ৰয়োজনা কৰিব অভিনেত্ৰী দীপিকা পাডুকনে

ছপাকৰ পিছত আন এখন ছবিত প্ৰয়োজনা কৰিব অভিনেত্ৰী দীপিকা পাডুকনে

ছপাকৰ পিছত আন এখন ছবিত প্ৰয়োজনা কৰিব অভিনেত্ৰী দীপিকা পাডুকনে। আহি আছে জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ আন এখন ছবি । সোমবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ঘোষনা কৰে তেওঁৰ আহিবলগীয়া ছবিৰ কথা । দীপিকা পাডুকনে ঘোষনা কৰা ছবি খন হলিউডৰ ছবি "দা ইন্টাৰ্ণ" ৰ হিন্দী ৰিমেক । এই ছবি খনত দীপিকা পাডুকনৰ লগত দেখা যাব অভিনেতা ঋষি কাপুৰ। অভিনেতা ঋষি কাপুৰ এই ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিব । দীপিকা পাডুকনে এই ছবি খৱৰ ঘোষণা তেওঁৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে কৰে । অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে এই ছবি খনৰ কথা ঘোষনা কৰাৰ লগতে কয় যে এই ছবি খনত তেওঁ প্ৰয়োজনা কৰিব । ইয়াৰ পূৰ্বে দীপিকা পাডুকনে ছপাকৰ প্ৰয়োজক আছিল ।

https://www.instagram.com/p/B70pHF2jPdJ/?utm_source=ig_web_copy_link

দীপিকা পাডুকনে তেওঁৰ ছবি খনৰ ঘোষনা কৰাৰ লগতে লিখে যে , " মই মোৰ আগন্তুক ছবিৰ ঘোষনা কৰি অত্যন্ত সুখী অনুভৱ কৰিছো । এই ছবি খন হলিউডৰ ছবি " দা ইন্টাৰ্ণ" ৰ হিন্দী ৰিমেক। এই ছবি খন ২০২১ চনত মুক্তি লাভ কৰিব" ।

তদুপৰি এই ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেতা ঋষি কাপুৰে এই কথা তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে । অভিনেতা গৰাকীয়ে টুইটাৰত এখন ফটোৰ সৈতে লিখে যে " মই দীপিকা পাডুকনৰ সৈতে দা ইন্টাৰ্ণ ৰ যাত্ৰা আৰম্ভ কৰিছো " ।

ইয়াৰ পিছতেই অনুৰাগী সকলে তেওঁক শুভেচ্ছা প্ৰেৰণ কৰে । অনুৰাগী সকল তেওঁলোকক একেলগে দেখিবলৈ পায় সুখী অনুভৱ কৰা যায় ।

উল্লেখযোগ্য যে হলিউডৰ ছবি দা ইন্টাৰ্ণ ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এনি হৈবথ আৰু ৰবাৰ্ট ডি নোৰীয়ে ।

দীপিকা পাডুকনে সংবাদ মাধ্যমৰ আগত কয় যে আহিব লগীয়া ছবি খনে আজিৰ সামাজিক আৰু সাংস্কৃতিক বাতাবৰণৰ ওপৰত আধাৰিত।

ইয়াৰ পূৰ্বে দীপিকা পাডুকনে ছপাকত প্ৰয়োজনা কৰিছিল । এই ছবি খন এক প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত আছিল । ছবি খনত লক্ষ্মী আগৰৱাল এগৰাকী এচিড আক্ৰান্ত যুৱতীৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত আছিল । এই ছবি খনত দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । এই ছবি খনে এতিয়ালৈকে প্ৰায় ৩৪ কোটি টকা আয় কৰিছে।

দীপিকা পাডুকন আৰু ঋষি কাপুৰৰ আহিবলগীয়া ছবি খন কেতিয়া মুক্তি লাভ কৰিব সেই সম্পৰ্কে সঠিক তাৰিখ হোৱা নাই যদিও ছবি খন ২০২১ চনত মুক্তি লাভ কৰিব বুলি কয় দীপিকা পাডুকনে। এই ছবি খনে দৰ্শকৰ জনপ্ৰিয়তা লাভ কৰিব পাৰে নে নাই এই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com