Begin typing your search above and press return to search.

আহি আছে অক্ষয় কুমাৰৰ নতুন ছবি বচ্ছন পাণ্ডে, সলনি হ'ল মুক্তিৰ দিন

আহি আছে অক্ষয় কুমাৰৰ নতুন ছবি বচ্ছন পাণ্ডে, সলনি হল মুক্তিৰ দিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2020 10:32 AM GMT

আহি আছে অক্ষয় কুমাৰৰ নতুন ছবি বচ্ছন পাণ্ডে, সলনি হ'ল মুক্তিৰ দিন ।‌ বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ নতুন ছবি বচ্ছন পাণ্ডেৰ মুক্তিৰ দিন প্ৰকাশ পাইছে ।‌এই ছবি খন নিৰ্মান হোৱাৰ পৰাই চৰ্চাত আছে । অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি বচ্ছন পাণ্ডে মুক্তি লাভ কৰিব ২০২১ চনৰ ২২ জানুৱাৰী তাৰিখে।এই কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে।

উল্লেখযোগ্য যে অক্ষয় কুমাৰৰ বচ্চন পাণ্ডে আৰু আমিৰ খানৰ লাল সিং চদ্দা ২০২০ চনৰ বৰদিনৰ সময়ত মুক্তি লাভৰ বাবে ঠিক হৈছিল । কিন্তু আমিৰ খানৰ অনুৰোধৰ পিছত অক্ষয় কুমাৰে তেওঁৰ ছবি বচ্চন পাণ্ডে বৰদিনৰ সময়ত মুক্তি লাভৰ পৰিৱৰ্তে মুক্তিৰ দিন পিছুৱাই ২০২১ চনৰ ২২ জানুৱাৰী কৰে । অক্ষয় কুমাৰৰ ছবি বচ্চন পাণ্ডেত অভিনেত্ৰী কৃতি ছননো থাকিব । ইতিমধ্যে এই ছবিখনৰ প্ৰথম লুক প্ৰকাশ পাইছে ।

এই ছবি খনত অক্ষয় কুমাৰক কিছু পৃথক দেখা গৈছে।

অক্ষয় কুমাৰৰ এই পদক্ষেপ অৰ্থাৎ আমিৰ খানৰ অনুৰোধৰ বাবে তেওঁৰ ছবিৰ তাৰিখ পিছুৱাই দিয়াৰ বাবে অভিনেতা গৰাকীয়ে অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰে। আমিৰ খানে টুইট কৰি লিখে যে , " কেতিয়াবা কথা পতাৰ ফলতেই কথা হৈ যায় । মোৰ বন্ধু অক্ষয় কুমাৰ, সাজিদ নাডিয়াডালাক ধন্যবাদ। তেওঁলোকক অনুৰোধ কৰাৰ ফলতেই আহিবলগীয়া ছবি বচ্চন পাণ্ডেৰ তাৰিখ পিছুৱাই দিলে । তেওঁলোকৰ ছবি খনৰ বাবে মোৰ শুভকামনা " ।‌

উল্লেখযোগ্য যে অক্ষয় কুমাৰৰ ছবি বচ্ছন পাণ্ডেৰ পৰিচালনা কৰিব ফৰহাদ সমজীয়ে ।

এয়াই হ'ল অভিনেতা অক্ষয় কুমাৰ হৃদয়বান হোৱাৰ এক প্ৰতিচ্ছবি। উল্লেখযোগ্য যে ২০১৮ চনত দীপিকা পাডুকন, ৰণবীৰ সিং আৰু সাহিদ কাপুৰৰ ছবি খন মুক্তিৰ সময়ত মুক্তি পোৱা কথা আছিল অক্ষয় কুমাৰৰ ছবি পেদমেন আৰু তেতিয়াও অক্ষয় কুমাৰে তেওঁৰ ছবি পেদমেনৰ মুক্তিৰ‌ দিন পিছুৱাই দিছিল।

তদুপৰি কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল অক্ষয় কুমাৰৰ ছবি গুড নিউজ। এই ছবি খনে বক্স অফিচত প্ৰায় ২০০ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।‌

অন্য খবৰৰ বাবে পঢ়ক : পদ্ম বঁটা : বলিউডৰ কংগণা ৰাণাৱট, কৰণ জোহৰ, আদনান‌ সামীয়ে লাভ কৰিলে পদ্মশ্ৰী

ভিডিঅ প্ৰতক্ষ্য কৰক : Cleanliness Drive ahead 71st Republic Day Celebrations in South Salmara Mankachar

Next Story
চাকৰি