পদ্ম বঁটা : বলিউডৰ কংগণা ৰাণাৱট, কৰণ জোহৰ, আদনান‌ সামীয়ে লাভ কৰিলে পদ্মশ্ৰী

পদ্ম বঁটা : বলিউডৰ কংগণা ৰাণাৱট, কৰণ জোহৰ, আদনান‌ সামীয়ে লাভ কৰিলে পদ্মশ্ৰী

পদ্ম বঁটা : বলিউডৰ কংগণা ৰাণাৱট, কৰণ জোহৰ, আদনান‌ স্বামীয়ে লাভ কৰিলে পদ্মশ্ৰী । বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট , ছবি নিৰ্মাতা কৰণ জোহাৰ, একতা কাপুৰূ লাভ কৰিলে পদ্মশ্ৰী সন্মান। ভাৰত চৰকাৰে গণতন্ত্ৰ দিৱসৰ এদিন পূৰ্বে ঘোষনা কৰা জনপ্ৰিয় কণ্ঠশিল্পী আদনান সামী আৰু সুৰেশ বাডেকৰকো সন্মানিত কৰা হয় পদ্মশ্ৰী সন্মানেৰে।‌

ভাৰতৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটা। পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈ অভিনেত্ৰী কংগণা ৰাণাৱটে কয় যে, " মই বহুত আভাৰী আৰু সন্মানিত অনুভৱ কৰিছো । এই সন্মানেৰে সন্মানিত কৰাৰ বাবে মই এই দেশক ধন্যবাদ জ্ঞাপন কৰিছো । এই সন্মান মই নিজৰ সপোন সাৰ্থক কৰিবলৈ সাহস দেখুওৱা প্ৰতিগৰাকী মহিলাক অৰ্পন কৰিলো। প্ৰতিগৰাকী জীয়ৰী, প্ৰতিগৰাকী মাতৃ আৰু দেশৰ ভৱিষ্যত সলনি কৰিব পৰা সকলো মহিলালৈ এই বঁটা অৰ্পন কৰিলো " ।

https://www.instagram.com/p/B7wB9fOhBfV/?utm_source=ig_web_copy_link

উল্লেখযোগ্য যে কংগনা ৰাণাৱটৰ ছবি পংগা শুকুৰবাৰে মুক্তি লাভ কৰিব। তদুপৰি তেওঁ বিভিন্ন ছবিত অভিনয় কৰি দৰ্শকৰ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

ডিজিটেল মাধ্যমত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা একতা কাপুৰকো আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। এই সন্মান লাভ কৰি একতা কাপুৰেও যথেষ্ট আনন্দ অনুভৱ কৰিছে।‌

তদুপৰি ছবি নিৰ্মাতা কৰণ জোহাৰকো প্ৰদান কৰা হয় পদ্মশ্ৰী সন্মান। এই সন্মান লাভ কৰি ছবি নিৰ্মাতা কৰণ জোহাৰে কয় যে , " বহুত কম সময়ত এনেকুৱা হয় যেতিয়া ম‌ই শব্দহীন হৈ পৰো । পদ্মশ্ৰী দেৱৰ সৰ্বোচ্চ সন্মান সমূহৰ ভিতৰত এটা , আৰু এই সন্মান লাভ কৰাতো অতি সন্মানৰ কথা। মই অতি অভিভূত" ।

https://www.instagram.com/p/B7v76hopokE/?utm_source=ig_web_copy_link

ছবি নিৰ্মাতা কৰণ জোহৰে তেওঁৰ ছবি "কুছ কুছ হোতা হ্যে " ৰ জৰিয়তে বলিউডত যাত্ৰা আৰম্ভ কৰিছিল । তেওঁৰ প্ৰথম ছবি খনে বক্স অফিচত যথেষ্ট সফলতা অৰ্জন কৰাৰ‌ লগতে দৰ্শকৰো যথেষ্ট সমাদাৰ কৰিছিল। তাৰ পূৰ্বে কৰণ জোহৰে দিলৱালে দুলহনীয়া লে জায়েগী ছবি খনৰ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। উল্লেখযোগ্য যে ছবি নিৰ্মাতা কৰণ জোহৰে , কল হো না হো, কভী অলবিদা না কহনা, দোস্তানা, কুৰ্বান, কভী খুছি কভী গম ,মাই নেম ইজ খান, ষ্টুডেন্ট অফ দা ইয়েৰ , বোম্বে কি টকীজ, এ দিল হে মুছকিল আদি বিভিন্ন জনপ্ৰিয় ছবি নিৰ্মান কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Cleanliness Drive ahead 71st Republic Day Celebrations in South Salmara Mankachar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com