Begin typing your search above and press return to search.

 আহিবলগীয়া ছবি "৮৩" ৰ পংকজ ত্ৰিপাঠীৰ লুক, কি চৰিত্ৰত অভিনয় কৰিব ত্ৰিপাঠীয়ে?

 আহিবলগীয়া ছবি ৮৩ ৰ পংকজ ত্ৰিপাঠীৰ লুক, কি চৰিত্ৰত অভিনয় কৰিব  ত্ৰিপাঠীয়ে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2020 12:50 PM GMT

আহিবলগীয়া ছবি "৮৩" ৰ পংকজ ত্ৰিপাঠীৰ লুক, কি চৰিত্ৰত অভিনয় কৰিব ত্ৰিপাঠীয়ে?? আহি আছে ৰণবীৰ সিঙৰ নতুন ছবি ৮৩ । এই ছবি খনৰ আন এক চৰিত্ৰৰ লুক আহিল পোহৰলৈ । ছবি খনে প্ৰকাশ কৰা ৮৩ ৰ পোষ্টাৰত আছে পংকজ ত্ৰিপাঠী । জানিব পৰা মতে এই ছবি খনত পংকজ ত্ৰিপাঠীয়ে ইণ্ডিয়া ক্ৰিকেট দলৰ পূৰ্বৰ মেনেজাৰ মান সিঙৰ চৰিত্ৰত অভিনয় কৰিব।

https://www.instagram.com/p/B7sNRQ8Bm79/?utm_source=ig_web_copy_link

ইয়াৰ পূৰ্বে প্ৰকাশ পোৱা পোষ্টাৰ খনত জীৱাক দেখা গৈছিল। এই ছবি খনত তেওঁ কৃষ্ণামাচাৰী শ্ৰীকান্তৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিব। আন এখন প্ৰকাশ হোৱা পোষ্টাৰত দেখিবলৈ পোৱা গৈছিল ৰাজ ভসীনত । অভিনেতা গৰাকীয়ে এই ছবি খৱত সুনীল গাবস্কৰৰ চৰিত্ৰত অভিনয় কৰিব। ছবিখনৰ আন এখন পোষ্টাৰত দেখিবলৈ পোৱা গৈছিল ৰণবীৰ সিঙক । জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে এই ছবি খনত অভিনয় কৰিব কপিল দেৱৰ চৰিত্ৰত । কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিঙৰ এই পোষ্টাৰ খন দৰ্শকে যথেষ্ট পৰিমাণে ভাল পাইছে। এই ছবি খৱত ৰণবীৰ সিঙক জনপ্ৰিয় শ্ব'ত নটৰাজৰ পোজ দিয়া দেখা যায়।

ছবি খনত সাকিব সলীম মহিন্দৰে অমৰনাথ আৰু চিৰাগ পেটেলে সন্দীপ পাটিলৰ চৰিত্ৰত অভিনয় কৰিব।

এই ছবিখনত ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ কাহিনী দেখুওৱা হ'ব। ১৯৮৩ চনত হোৱা ক্ৰিকেট বিশ্বকাপৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখন নিৰ্মাণ কৰিছে কবীৰ খানে ।

আহিবলগীয়া ছবি ৮৩ মুক্তি লাভ কৰিব ২০২০ চনৰ ১০ এপ্ৰিল তাৰিখে। এই ছবি খনত দেখুওৱা হ'ব যে কেনেদৰে কপিল দেৱৰ অধিনায়কত্বত ভাৰতে ৱেজষ্টেন্ডিজৰ বিৰুদ্ধে বিশ্বকাপত জয় লাভ কৰিছিল।

উল্লেখযোগ্য যে এই ছবি খনত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে কৈমিয়োৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবি খনত দীপিকাক কপিল দেৱৰ পত্নী হিচাপে দেখা যাব।

এই ছবি খনত অভিনয় কৰিব লগীয়া অন্য জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সমূহ হ'ল সাকিব সলীম, আদিনাথ কোঠাৰে , চিৰাগ পাটিল , হাৰ্ডি সংন্ধু, এমি বিৰ্ক , জতিন চৰনা , পংকজ ত্ৰিপাঠী, তাহিৰা ৰাজ ভাসিন, দিনকৰ শৰ্মা , জীৱা , সাহিল খত্তৰ , আৰু বহুতো ।

এই ছবি খনৰ নিৰ্দেশনা কৰিছে কবীৰ খানে আৰু প্ৰযোজনা কৰিছে দীপিকা পাডুকন, কবীৰ খান, সাজিদ নাদিয়াদাওলা আৰু মধু মেনটেনা বৰ্মাৰ । ছবি খনৰ সংগীত পৰিচালনা কৰিছে জুলিয়াছ, আৰু প্ৰীতম চক্ৰৱৰ্তীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : আহিবলগীয়া ছবি পৃথৱীৰাজৰ মানুসী ছিলাৰৰ প্ৰথম লুক হ’ল ভাইৰেল

ভিডিঅ প্ৰতক্ষ্য কৰক : Eminent litterateur Golap Chandra Goswami passes away at 96 in Guwahati

Next Story
চাকৰি