Begin typing your search above and press return to search.

আহিবলগীয়া ছবি পৃথৱীৰাজৰ মানুসী ছিলাৰৰ প্ৰথম লুক হ'ল ভাইৰেল

আহিবলগীয়া ছবি পৃথৱীৰাজৰ মানুসী ছিলাৰৰ প্ৰথম লুক হল ভাইৰেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jan 2020 1:34 PM GMT

আহিবলগীয়া ছবি পৃথৱীৰাজৰ মানুসী ছিলাৰৰ প্ৰথম লুক হ'ল ভাইৰেল । আহি আছে মিছ ৱৰ্ল্ড মানুসী ছিলাৰৰ প্ৰথম ছবি পৃথৱীৰাজ । এই ছবি খনত মানুসী ছিলাৰৰ লগত মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে । এই ছবি খনত অক্ষয় কুমাৰে অভিনয় কৰিব ৰজা পৃথিৱীৰাজৰ চৰিত্ৰত আৰু মিছ ৱৰ্ল্ড মানুসী ছিলাৰে অভিনয় কৰিব পৃথিৱীৰাজৰ পত্নী সংযোগিতাৰ চৰিত্ৰত । এই ছবি খন ৰজা পৃথিৱীৰাজৰ জীৱনৰ ওপৰত আধাৰিত।

মিছ ৱৰ্ল্ড মানুসী ছিলাৰে ছবি খনৰ প্ৰথম লুক ইতিমধ্যে শ্বেয়াৰ কৰিছে ।

https://www.instagram.com/p/B7p_q5MHNGz/?utm_source=ig_web_copy_link

মানুসী ছিলাৰে তেওঁৰ ছবি খন ইন্চটাগ্ৰামত শ্বেয়াৰ কৰি লিখে যে , " সংযোগিতা পৃথিৱীৰাজ , " । অক্ষয় কুমাৰৰ লগত বলিউডৰ ছবিত অভিনয় কৰিব পাই মিছ ৱৰ্ল্ড মানুসী ছিলাৰ অত্যন্ত সুখী ।

মিছ ৱৰ্ল্ড মানুসী ছিলাৰে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি কয় যে " এয়া মোৰ বাবে অতি সন্মানৰ কথা যে মই য়াছৰাজৰ দৰে প্ৰডাকচন হাউছত কাম কৰাৰ সুযোগ লাভ কৰিছো। বলিউডৰ এই যাত্ৰাক লৈ অত্যন্ত সুখী ।প্ৰথমে মিছ ইণ্ডিয়া, পিছত মিছ ৱৰ্ল্ড আৰু এতিয়া বলিউডৰ ছবিত অভিনয় প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰাটো মোৰ জীৱনৰ বাবে ৰোমাঞ্চকৰ অধ্যায় " ।

ইতিমধ্যে ছবি খনৰ টিজাৰ মুক্তি লাভ কৰিছে ।

https://youtu.be/usXPIBxtKGE

আহিবলগীয়া ছবি ‘পৃথিৱীৰাজ’ ৰ নিৰ্দেশনা কৰিব চন্দ্ৰ প্ৰকাশ দুভেদিয়ে । লগতে এই ছবি খনৰ প্ৰয়োজক অজয় শোপ্ৰা আৰু সংগীত পৰিচালক বিশাল – শেখৰ । এই ছবি খন ২০২০ চনৰ দীপান্বিতাৰ সময়ত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। অক্ষয় কুমাৰ, মানুসী ছিলাৰৰ লগত এই ছবি খনত সম্ভৱত সঞ্জয় দত্ত, মানৱ বিজ, আছূতোষ ৰাণা , চনু সুদ ললিত তিৱাৰীৰ লগতে আন বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। এই ছবি খনৰ ঘোষনা কৰে ২০১৯ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে।

অন্য খবৰৰ বাবে পঢ়ক : চকু টিপেৰে দৰ্শকৰ হৃদয় জয় কৰা প্ৰিয়া প্ৰকাশৰ আহি আছে নতুন ছবি

ভিডিঅ প্ৰতক্ষ্য কৰক : Deuri Magh Bihu Celebrations begin in Dhemaji

Next Story
চাকৰি