Begin typing your search above and press return to search.

প্ৰায় ৭০০ৰো অধিক পেলু পোৱা গল এজন লোকৰ মগজুত : ঘটনা চীনৰ

প্ৰায় ৭০০ৰো অধিক পেলু পোৱা গল এজন লোকৰ মগজুত : ঘটনা চীনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2019 1:43 PM GMT

চীন: আপোনাৰ খাদ্য তালিকাত গাহৰি আছে নেকি ? যদি আছে তেন্তে গাহৰি খাওঁতে সৱধান হওক।কাৰণ চীনত নিৰ্মান প্ৰতিষ্ঠানত কাম কৰা এজন কৰ্মীয়ে আধাসিজাগাহৰি খোৱাৰ কিছুদিন পিছতেই তেওঁৰ মগজুত পোৱা গল ৭০০টা ফিটা পেলু।লোকজনৰ নাম ঝু ঝুঙ ফা ।অচেতন অৱস্থাত লোকজনক জিজিয়াঙ নামৰ ঠাইৰ স্থানীয় হাস্পতাললৈ অনা হয়।পিছত এম আৰ আই স্কেনত ধৰা পৰে যে ৭০০টা জীৱন্ত ফিটা পেলু তেওঁৰ মগজু আৰু বুকুত আছে।আধাসিজা গাহৰি খাদ্য হিচাপে খোৱাৰ বাবেই এনে হল বুলি মন্তব্য চিকিৎসকৰ।

লোকজন চিকিৎসকৰ আগত স্বীকাৰ কৰে যে তেঁও আধা ৰন্ধা গাহৰি খাইছিল লগতে কয় যে একসপ্তাহ পূৰ্বে তেওঁ পেলু নাশক ঔষধ খাইছিল।৪৩বছৰীয়া ঝুঙ ফা চীনৰ হ।নযু চহৰৰ বাসিন্দা আৰু এই বেমাৰৰ উপসৰ্গ ধৰা পৰাৰ একমাহ পিছত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল।হাস্পতালত ভৰ্তি হোৱাৰ পিছতেই চিকিৎসকে বেমাৰৰ কাৰণ জানিব পাৰে। স্কেন কৰাৰ পিছত সকলো কথা স্পষ্ট হয় ।কিছু আৰু পলম হলেই অধিক ভয়ানক হলহেঁতেন কাৰণ পলম হোৱাহেতেন লোকজনৰ হাওঁফাওঁ,বুকুৰ মাংসপেশীত সুমাই পৰিলহেঁতেন ফিতাপেলু।এইদৰে মন্তব্য কৰে চিকিৎসকে।বৰ্তমান ঝু ঝুঙ ফা বৰ্তমান চিকিৎসালয়ত শৰীৰৰ অংগসমূহ অধিক ক্ষতি নোহোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে চিকিৎসাধীন অৱস্থাত ৰক্ষা হৈছে আৰু বর্তমান লোকজনক ফিতাপেলু নাশক ঔষধ খাব দিয়া হৈছে।লগতে ঘটনাৰ কাৰণ সন্দৰ্ভত চিকিৎসকে কয় যে,ভালদৰে নৰন্ধাৰ বাবে মাংসত ফিটা পেলুৰ কণী থাকি গৈছিল।সেই বাবেই লোকজনৰ শৰীৰত বহু ফিটা পেলু জীৱন্ত অৱস্থ।ত উদ্ধ।ৰ হল।ঝু ঝুঙ ফা অচেতন হৈছিল কাৰণ তেওঁৰ মগজুৰ অধিক সংখ্যক স্থানত ফিতাপেলু দেখা গৈছিল

Also Read: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তুলিবলৈ আছু-নেছ’ৰ বৈঠক

Also Watch: CITU, SFI, AIKS, AIDWA,DYFI among others stage protest against BJP Government in Assam

Next Story
চাকৰি