Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তুলিবলৈ আছু-নেছ'ৰ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তুলিবলৈ আছু-নেছৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2019 7:24 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তুলিবলৈ আছু-নেছ'ৰ বৈঠক।‌ ৰাজ্যত এতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে কেন্দ্ৰীয় কেবিনেটে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ত অনুমোদন জনাই । লগে লগে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনে এই বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ কৰি তুলিছে ।

সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ'ই শুকুৰবাৰে গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তুলিবলৈ এক বৈঠকত মিলিত হব ।

দ্যা চেন্টিনেলৰ আগত আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে যি কোনো পৰিস্থিতিতে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত হোৱা বৈঠকত এই কথা স্পষ্ট ৰূপে কৈছে সংগঠনটোৱে। সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে গুৱাহাটীত কেন্দ্ৰীয় কাৰ্যকৰী বৈঠ অনুষ্ঠিত কৰে য'ত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ মাজতেই আন্ত ডিমোৰিয়া ছাত্ৰ সংগঠন আৰু আছুৰ কাৰ্যকৰ্তা সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোনাপুৰ আছু কাৰ্যালয়ৰ পৰা এক মটৰ চাইকেল ৰেলী বাহিৰ কৰে । এই মটৰ চাইকেল ৰেলী বিভিন্ন ঠাই যেনে টপাটলি , মালাইবৰি আদিৰ মাজেৰে গৈ বিধেয়কৰ বিৰুদ্ধে শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে। মটৰ চাইকেল ৰেলীৰ নেতৃত্ব প্ৰদান কৰে কামৰূপ (এম) জিলা আৰু শাখাৰ দিব্যজ্যোতি মেধীয়ে ।

সংবাদ মাধ্যমৰ আগত মেধীয়ে কয় যে বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে ৰাজপথথ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাহিৰে তেওঁলোকৰ হাতত আন কোনো উপায় নাই ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লক্ষীমপুৰত আছুৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: All Tai Ahom Students' Union staged protest against CAB in Tinsukia

Next Story
চাকৰি