Begin typing your search above and press return to search.

কামৰূপ মেট্ট’ত ৭০,৭৪৪ লোক বানত প্ৰভাৱিত

কামৰূপ মেট্ট’ত ৭০,৭৪৪ লোক বানত প্ৰভাৱিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2019 9:32 AM GMT

কামৰূপ মেট্ট’ত ৭০,৭৪৪ লোক বানত প্ৰভাৱিত হৈছে ৷ বিগত দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সম্প্ৰতি দিনক দিনে বৃদ্ধি পাইছিল ৷ ধাৰাষাৰ বৰষূণৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অৱশ্যে বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে, কাৰণে জনসাধাৰণে স্বস্তিৰ নিশ্বাস পেলাইছে। কিন্তু এতিয়াও বানে জলমগ্ন কৰি থৈছে অঞ্চলসমূহ।

জল সম্পদবিভাগৰ এক বিশেষ তথ্য অনুসৰি বুধবাৰে বিয়লি ৫ বজাত জলস্তৰ ৫১.০৭ মিটাৰলৈ হ্ৰাস পাইছে ৷কাৰণ মংগলবাৰে জলস্তৰ বৃদ্ধি পাইছিল ৫১.২৩ মিটাৰলৈ ৷ গতিকে এই অঞ্চলসমূহত পানী শুকাওঁতে পলম হ’ব ৷ কামৰূপ মেট্ট’ অন্তৰ্গতত পাঁচটা ৰাজহ চক্ৰ আছে। গুৱাহাটী ৰাজহ চক্ৰৰ ৬ খন গাঁও পানীৰ তলত,সোনাপুৰ ৰাজহ চক্ৰৰ ২৬ খন গাঁও পানীৰ তলত,আজৰা ৰাজহ চক্ৰৰ ৪ খন গাঁৱ পানীৰ তলত আৰু দিছপুৰ ৰাজহ চক্ৰত তিনিখন গাঁৱো জলমগ্ন কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে ৷

কামৰূপত সম্প্ৰতি ৭০,৭৪৪ জন লোকক বানে প্ৰভাৱিত কৰিছে ৷ সোনাপুৰ,মালৌবাৰী, পশুতলী,বৰবিলা আৰু ডিগাৰুত মথাউৰিৰ ওপৰত বানাক্ৰান্তই আশ্ৰয় লৈছে। নাৰেংগী আৰু চন্দ্ৰপুৰত লোকসকলে পথত আশ্ৰয় লৈছে। ডিমৌৰিয়াৰ কলং নদীত ১৩ বছৰীয়া হৰদীন দাস নামৰ কিশোৰৰ মৃত্যু হয়।

ব্ৰহ্মপুত্ৰৰ পাৰত থকা বহুতো উদ্যান শুক্ৰেচৰ দেৱালয়ৰ পৰা পৰা পানীৰ তলত । শংকৰদেৱ উদ্যান, অজানপীৰ উদ্যোন, ভগৱান মহাবীৰ উদ্যান, গুৱাহাটী- কাছমাৰি ঘাট আৰু গুৱাহাটী-মাধ্যম খণ্ড ঘাট পানীৰ তলত । ভৰলুমুখৰ চ্লুইচ গেট খন বন্ধ কৰি দিয়া হৈছে । সোনাৰাম এইচ এচ স্কুল, ভৰলুমুখ আৰক্ষী থানাৰ পিছফালে, আৰু পাণ্ডু ঘাট পানীৰ তলত ।

গুৱাহাটীৰ বিভিন্ন স্থানত এতিয়াও পৰিষ্ঠিতি অপৰিবৰ্তিত । উজান বজাৰ, নাওপাৰা, সাতগাঁও, তিনিতুকুৰা, পানীখাটী, বেঙগেনামাৰী, তামুলবাৰী, খেৰবাৰী, আমগাও, ৰাজাবাৰী আদি প্লাবিত। লগতে তান্তিপাৰা, শিঙিমাৰি, পানবাৰী, ঠাকুৰকুচি আদি পানীৰ তলত ।

অধিক খবৰৰ বাবে পঢ়ক: জলমগ্ন ৰাজ্যত নাওঁৰ ওপৰতে জন্ম দেৱ শিশুৰ: নাম দিলে কৃষ্ণ

Next Story
চাকৰি