Begin typing your search above and press return to search.

জলমগ্ন ৰাজ্যত নাওঁৰ ওপৰতে জন্ম দেৱ শিশুৰ: নাম দিলে কৃষ্ণ

জলমগ্ন ৰাজ্যত নাওঁৰ ওপৰতে জন্ম দেৱ শিশুৰ: নাম দিলে কৃষ্ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 12:34 PM GMT

প্ৰলয়ংকাৰী বানত ব্ৰহ্মপুত্ৰৰ ওপৰত নাওঁতে জন্ম দেৱ শিশুৰ । ৰাজ্যৰ চৌদিশে কেৱল পানী আৰু পানী । পানীৰ সৈতে সহবাস বানাক্ৰান্তৰ। জলমগ্ন ৰাজ্যত ব্ৰহ্মপুত্ৰৰ ওপৰতে জন্ম এটি দেৱ শিশুৰ । ব্ৰহ্মপুত্ৰৰ ওপৰতে জন্ম হোৱা এটি এই দেৱ শিশুৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

যি সময়ত সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল পানীৰ তলত , তেনে সময়তে প্ৰবিত্ৰ ব্ৰহ্মপুত্ৰৰ নাওঁৰ ওপৰতে দেৱ শিশুৰ জন্মৰ ঘটনায়ে সকলোকে স্পৰ্শ কৰি গৈছে । নদীৰ ওপৰত জন্ম হোৱা দেৱ শিশুটিৰ নাম 'কৃষ্ণ' দিয়া হয়। কাৰণ ভগবান শ্ৰী কৃষ্ণৰ জন্মৰ লগত সামঞ্জস্য থকাৰ বাবে দেৱ শিশুটিৰ নাম কৃষ্ণ ৰখা হয়।

২৪ বছৰীয়া ৰুমি পাঠৰিয়ে জন্ম দিছে এই কৃষ্ণ নামৰ দেৱ শিশুক । বৰ্তমান বিশ্ব ভিতৰতে অস্বাভাৱিক পৰিস্থিতিত জন্ম দিয়া মাতৃৰ তালিকা শীৰ্ষ স্থানত আছে ।

১৫ জুলাইৰ পৰা ৰুমি পাঠৰিয়ে বিষ অনুভৱ কৰিছিল কিন্তু চৌদিশে বানপানীৰ বাবে কোনো সহায় নাপালে । যেতিয়া সহায়ৰ বাবে চেষ্টা কৰে, তেনে সময়তে চিকিৎসকৰ ওচৰলৈ নিবলৈ নাওঁত উঠোৱা হয় । গোলাঘাট জিলাৰ বোকাখাত অঞ্চলত মহুৰামুখৰ এফলা গাঁওৰ পৰা যাত্ৰা কৰে। কিন্তু চিকিৎসালয়লৈ গৈ পোৱাৰ আগতেই নাওঁতে তেওঁ দেৱ শিশুটি জন্ম হৈছে ।

শিশুটিৰ মাকে কৈছে ," সেই সময়ত ধাৰাষাৰ বৰষুণ হৈ আছিল আৰু কাম কৰিবলৈ গৈছিলো। আমি চিকিৎসক, নাৰ্ছক খবৰ দিছিলো। কিন্তু নাওঁতে সন্তান জন্ম দিলো । মই যথেষ্ট সুখী । নদীৰ মাজত ধাৰাষাৰ বৰষুণৰ মাজত জন্ম হোৱাৰ বাবে সন্তানটিৰ নাম কৃষ্ণ ৰখা হৈছে বুলি প্ৰকাশ কৰে।

অসমত বিগত সপ্তাহত হৈ থকা ধাৰাষাৰ বৰষূণৰ কাৰণে ৰাজ্যৰ প্ৰায় ৩০খন জিলাৰ ধনশিৰী,পুঁথিমাৰি,বেকী,বৰাক,কটাখাল,কুশিয়াৰা,কপিলী আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ জলস্তৰ বৃদ্ধি হৈছে ৷ এই অপ্ৰত্যাশিত বানে বানাক্ৰান্ত লোকসকলক সম্প্ৰতি নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে ৷ চলিত বৰ্ষৰ ১১ আৰু ১৬ জুলাইত বাক্সা,মৰিগাঁৱ, গোলাঘাট,কামৰূপ গ্ৰামীণৰ পৰা প্ৰায় ৪৫০০ বানে প্ৰভাৱিত কৰা লোকক উদ্ধাৰ কৰিছে ৷

বাক্সা,মৰিগাঁৱ,কামৰূপ,গোলাঘাট, আৰু বৰপেটাত বহু সংখ্যক লোক বাসগৃহ উটুৱাই লৈ যায় লগতে লৈ যায় শস্যৰ খেতি পথাৰ ৷ আনহাতে বহু অঞ্চল জল মগ্ন হোৱাৰ কাৰণে ৪৫০০ জন লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ৷ লগতে বানাক্ৰান্তসকলক সাহাৰ্য্য দিয়াৰ কাৰণে জিলা প্ৰশাসনে সহায় কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে ২ কোটি প্ৰদান কৰিছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে

Next Story
চাকৰি